ETV Bharat / state

দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে: প্ৰবীণ তোগাড়িয়া - দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে

দেশৰ অৰ্থনীতি সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ তোগাড়িয়াৰ । আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদি দেশৰ কেইবাটাও মূল সমস্যা সম্পৰ্কে গুৱাহাটীত সংবাদমেল নেতাগৰাকীৰ (Praveen Togadia on various problems in India)। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে খালী হৈ থকা ১ কোটি পদ শীঘ্ৰেই পূৰণ কৰিব লাগে বুলি তেওঁ দাবী জনায় ।

Praveen Togadia
দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে
author img

By

Published : Apr 5, 2022, 5:52 PM IST

গুৱাহাটী,৫ এপ্ৰিল : 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনত দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে ।' গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ (AHP) সভাপতি প্ৰবীণ তোগাড়িয়াই এই মন্তব্য কৰে (Praveen Togadia organises press conference in Guwahati)। তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে দেশত দুখীয়া আৰু বেছি দুখীয়া হৈ গৈছে । ধনীসকল অধিক ধনী হৈ গৈছে ।

তেওঁৰ অভিযোগ যে দেশত এতিয়া কৰ্মসংস্থাপনহীন উন্নয়ন হে হৈছে । কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবে এনে অৱস্থা হৈছে বুলি তোগাড়িয়াই অভিযোগ কৰে । তেওঁ লগতে কয় যে দেশত বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে, নিবনুৱা সমস্যা বাঢ়িছে (Praveen Togadia on various problems in India)।

দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে

প্ৰবীণ তোগাড়িয়াই দাবী কৰা মতে দেশত ১ কোটি চৰকাৰী চাকৰিৰ পদ খালী হৈ আছে । কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে এই কোটি পদ শীঘ্ৰেই পূৰণ কৰিব লাগে বুলি তেওঁ দাবী জনায় (Praveen Togadia demands appointment to 1 crore vacancies)। লগতে দেশত ই-শ্ৰম কাৰ্ড দিয়া শ্ৰমিকসকলৰ বেংক একাউণ্টত বছৰি ৬০০০ টকা দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ দাবী জনায় । অন্যথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে দেশব্যাপি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ সকীয়াই দিয়ে ।

প্ৰবীণ তোগাড়িয়াই কয় যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতৃত্বত দেশত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে নেশ্যনেল চেল্ফ এপ্ল'ইমেন্ট ফ'ৰাম (National self empowerment forum) আৰম্ভ কৰিছে । আৰম্ভণিতে ভাৰতৰ ১০০০ স্থানত এই ফ'ৰামৰ জৰিয়তে ১০,০০০ নিযুক্তি দিয়া হ'ব (AHP starts national self empowerment forum)। ইয়াৰে ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষিত হ'ব বুলি উল্লেখ কৰে তোগাড়িয়াই ।

অসমত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে ১০০ টা ঠাইৰ পৰা ১০০০ লোকক নিযুক্তি দিব । লগতে ভাৰতৰ প্ৰায় ১০০০ ঠাইত অসমৰ থলুৱাভাৱে নিৰ্মিত সামগ্ৰী যেনে: গামোচা, মেখেলা, চেলেং আদি বিক্ৰী কৰাত সহায় কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :বেয়া লোকৰ বাবে বজ্ৰতকৈও কঠিন অসম আৰক্ষী : ভাস্কৰজ্যোতি মহন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.