ETV Bharat / state

Pratima Pandey Award 2022 : একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা - প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা

আছুৰ নেতৃত্বত লোককৃষ্টিৰ সাধক একলব্য গামক মঙলবাৰে প্ৰদান কৰা হয় পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা (Pratima Pandey Award 2022 to Eklavya Gham)৷ আছুৱে গুৱাহাটীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানতে (Death anniversary of Pratima Barua Pandey) লোককৃষ্টিৰ সাধকগৰাকীক প্ৰদান কৰে এই বঁটা ৷

Pratima Pandey Award 2022 to Eklavya Gham
প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হয় একলব্য গামক
author img

By

Published : Dec 27, 2022, 5:32 PM IST

প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হয় একলব্য গামক

গুৱাহাটী, ২৭ ডিচেম্বৰ : আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০ তম মৃত্যু বাৰ্ষিকী (20th death anniversary of Pratima Barua Pandey) ৷ মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ মৃত্যু বাৰ্ষিকী ৷ সদৌ অসম ছাত্ৰ সন্থায়ো মংগলবাৰে চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰে শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী (AASU Pays Tribute To Folk Legend Pratima Barua Pandey) ।

এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে লোককৃষ্টিৰ সাধক একলব্য গামক (Pratima Pandey Award 2022 to Eklavya Gham) । সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰা এই বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, মানপত্ৰ আৰু নগদ ২৫ হাজাৰ টকাৰ এটা টোপোলা ।

২০২২ বৰ্ষৰ এই প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা লাভ কৰি স্বাভাৱিকতে গৌৰৱান্বিত হৈ পৰিছে লোককৃষ্টিৰ সাধকগৰাকী ৷ আজিৰ এই বিশেষ দিনটো তেওঁৰ বাবে এক স্মৰণীয় দিন হৈ ৰ’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে লোককৃষ্টিৰ সাধক একলব্য গামে ৷ লোককৃষ্টিৰ সাধক একলব্য গামে এই বঁটা গ্ৰহণ কৰি প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

এই অনুষ্ঠানতে তেওঁ কয়, ‘‘এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা সদৌ অসম ছাত্ৰ সন্থাই মোক প্ৰদান কৰাৰ বাবে ভাল লাগিছে । লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আছুৱে বহু দিনৰ পৰা ভূমিকা গ্ৰহণ কৰি আছে । অসমৰ সকলো জাতি-জনগোষ্ঠী মিলি আৰু লোক সংস্কৃতিৰ উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰিব লাগিব । আজিৰে পৰা দায়িত্ব বাঢ়িল । অসমৰ সকলো জাতি-জনগোষ্ঠী মিলি আৰু লোক সংস্কৃতিৰ উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰিব লাগিব’’ ।

লগতে পঢ়ক : Hail storm at Moran : শিলাবৃষ্টিৰ ফলত মৰাণত এজন শ্ৰমিকৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী মহনে

আনহাতে, উক্ত অনুষ্ঠানতে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘মানুহৰ বাবে কলা, জীৱনৰ বাবে কলা আৰু কলাৰ বাবে কলা- এই তিনিটা কথা আছে । একলব্য গামে এই তিনিটা বিষয় একেলগে আগুৱাই নিছে । মানুহ আৰু জীৱনৰ বাবে কলাৰ এই যাত্ৰা অব্যাহত থাকক’’ ।

তেওঁ লগতে কয়, ‘‘চৰকাৰে লোক সংস্কৃতি সংৰক্ষণৰ বাবে আধুনিক সংগ্ৰহালয় আৰু গৱেষণাগাৰ প্ৰতিষ্ঠা কৰিব লাগে । বছৰত এটা লোক সংস্কৃতি মহোৎসৱ হ’ব লাগে । প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ ঘৰটো সংৰক্ষণ কৰিব লাগে । চৰকাৰে কৰিম বুলি কৈছে । নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰ্বাংগসুন্দৰভাৱে নৱ প্ৰজন্মই জ্ঞান আহৰণ কৰিব পৰাকৈ সংৰক্ষণ হ’ব লাগে’’ । পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীৰ এই অনুষ্ঠানতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা উপস্থিত থাকি নিজৰ চমু ব্যক্তব্য প্ৰদান কৰে ।

উল্লেখ্য যে, ২০০৭ চনৰে পৰা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা হৈছে এই বিশেষ বঁটাটি । ২০০৭ চনৰ পৰা ২০২১ চনলৈ এই বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে- বিমল মালী, সীতানাথ ৰায়, তুলসী নেওগ ওজা, ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য ৰাভা, ড৹ অনিল শইকীয়া, মুহিবুৰ ৰহমান, জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম, স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ, শম্ভু ৰাভা, বিনোদ সনাল, পবিত্ৰ ৰাভা আৰু খগেন গগৈ ।

লগতে পঢ়ক : Dhemaji farmers problem: ধেমাজিৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ দৃশ্য, চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৃষক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.