ETV Bharat / state

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয় : প্ৰফুল্ল কুমাৰ মহন্ত - হোটেল অম্বৰীশত সংবাদমেল প্ৰফুল্ল কুমাৰ মহন্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে হোটেল অম্বৰীশত এখন সংবাদমেল আয়োজন প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছো আৰু কৰি যাম' ৷

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয় : প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Nov 22, 2019, 8:31 PM IST

গুৱাহাটী, নৱেম্বৰ 22 : অসম চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে হোটেল অম্বৰীশত এখন সংবাদমেলৰ আয়োজন কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছো আৰু কৰি যাম' ৷ কেবে অসমৰ স্বাৰ্থ ক্ষুণ্ণ কৰিব ৷ অসম চুক্তি ৰূপায়ণ কৰাৰ বিপৰীতে বিজেপিয়ে পিচ দুৱাৰেদি বিদেশী আনিব বিচাৰিছে ৷

'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছোঁ আৰু কৰি যাম'

কেবৰ বিৰোধিতা কৰাৰ বাবে অগপৰ পৰা কেইবাজনো নেতাক বহিষ্কাৰ কৰিছে বুলি জানিবলৈ দিয়ে মহন্তই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,বিজেপি চৰকাৰে চলোৱা এই অসমীয়া জাতি বিৰোধী ষড়যন্ত্ৰত একাংশ আঞ্চলিকতাবাদী দলৰ নেতৃত্বই অতি দুৰ্ভাগ্যজনকভাৱে আত্মসমৰ্পণ কৰিছে ৷

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয়

অসম গণ পৰিষদে ছাত্ৰ সংগঠন খোলাৰ সন্দৰ্ভত মহন্তই কয় যে,অগপৰ নেতৃত্বই তেখেতক নিমন্ত্ৰণ দিয়া নাছিল ৷ কংগ্ৰেছৰ NSUI আছে,CPI, CPMৰো আছে যদিও তেওঁলোকৰ উত্থান হোৱা নাই। অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই ভূমিকা লোৱা উচিত । তাৰ বাবে তেখেতে সদায় আছুক সংগ দিব ৷ অসমত আছু শক্তিশালী সংগঠন হিচাপে গঢ়ি উঠিব লাগে আৰু আছুক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা প্ৰফুল্ল কুমাৰ মহন্তৰ

ইয়াৰোপৰি তেখেতে কেবৰ বিৰোধিতা কৰি কেইবাবাৰো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে একত্ৰিত হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত মহন্তই কয় যে,ভৱিষ্যতে লগ হোৱাটো অসমৰ ৰাইজৰ কাৰণে ভাল নহয়,যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ ৰাইজে বিৰোধিতা কৰিছে ৷ এন আৰ এল ব্যক্তিগতকৰণ কৰিবলৈ চলোৱা ষড়যন্ত্ৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে চাওক- আই এন এক্স মিডিয়া গোচৰত তিহাৰ জেলত চিদাম্বৰমক জেৰা

Intro:ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্রহণযোগ্য নহয় - প্ৰফুল্ল কুমাৰ মহন্তBody:নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। সংবাদমেলত মহন্তই কয় যে কেবে অসমৰ স্বাৰ্থ ক্ষুণ্ণ কৰিব। অসম চুক্তি ৰূপায়ণ কৰাৰ বিপৰীতে বিজেপিয়ে পিছ দুৱাৰেদি বিদেশী আনিব বিচাৰিছে।

কেবৰ বিৰোধিতা কৰাৰ বাবে অগপৰ পৰা কেইবাজনো নেতাক বহিস্কাৰ কৰিছে বুলি জানিবলৈ দিয়ে মহন্তই।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিজেপি চৰকাৰে চলোৱা এই অসমীয়া জাতিবিৰোধী ষড়যন্ত্ৰত অতি দুৰ্ভাগ্যজনকভাৱে আত্মসমৰ্পণ কৰিছে একাংশ আঞ্চলিকতাবাদী দলৰ নেতৃত্বই।

মহন্তই অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন খোলাৰ সন্দৰ্ভত কয় যে কংগ্ৰেছৰ NSUI আছে, CPI, CPM ৰো আছে যদিও তেওঁলোকৰ উত্থান হোৱা নাই। অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই ভুমিকা লোৱা উচিত।

ইয়াৰোপৰি তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে কেবৰ বিৰোধিতা কৰি কেইবাবাৰো একত্ৰিত হোৱাৰ কথাও জানিবলৈ দি কয় যে ভৱিষ্যতে লগ হোৱাটো অসমৰ ৰাইজৰ কাৰণে ভাল নহয়, যিহেতু কেবখনৰ অসমৰ ৰাইজে বিৰোধ কৰিছে।

এন আৰ এল ব্যক্তিগতকৰণ কৰিবলৈ চলোৱা ষড়যন্ত্ৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

PC Visual and English bite send through live uConclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.