ETV Bharat / state

সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

author img

By

Published : Jan 16, 2021, 5:29 PM IST

Updated : Jan 16, 2021, 7:08 PM IST

শুকুৰবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হয় ।

Prafulla mahanta admitted in hospital
সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

গুৱাহাটী, ১৬ জানুৱাৰী : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য পূৰ্বৰ তুলনাত সুস্থিৰ হৈছে ৷ ডাউন টাউন হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক মানবেন্দ্ৰ নায়কে শনিবাৰে বিয়লি জানিবলৈ দিয়ে এই কথা ৷ শুকুৰবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হয় । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী হৃদজনিত ৰোগত আক্ৰান্ত হোৱা বুলি প্ৰথমে সন্দেহ কৰা হৈছিল ৷

ডাউন টাউন চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক মানবেন্দ্ৰ নায়কে ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি খাদ্যৰ বিসংগতিৰ ফলত ডায়েৰীয়া সদৃশ বেমাৰ হৈহে চিকিৎসাধীন হৈছিল মহন্ত । দেওবাৰৰ দিনটো চিকিৎসকৰ দলে মহন্তক নিৰীক্ষণ কৰাৰ পাছতহে তেওঁক চিকিৎসালয়ৰ পৰা কেতিয়া অব্যাহতি দিয়া হ’ব, সেয়া সিদ্ধান্ত ল’ব ৷ দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসকৰ তত্বাৱধানত আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক : জালুকবাৰীত কংগ্ৰেছ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

Last Updated : Jan 16, 2021, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.