গুৱাহাটী,19 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । হৃদৰোগত আক্ৰান্ত মহন্তক ততাতৈয়াকৈ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে লৈ যোৱা হয় দিল্লীলৈ। ইতিমধ্যে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ।
এইমছৰ হৃদৰোগ বিভাগৰ 104 নম্বৰ কোঠাত বিশেষজ্ঞ চিকিৎসকে অহৰ্নিশে নিৰীক্ষণত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক । উল্লেখ্য যে, মাত্ৰ কিছুদিন পূৰ্বে দুবাৰকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । দুয়োবাৰেই ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালৰ আই চি ইউত ।
লগতে পঢ়ক: চৰকাৰ পুনৰ বিজেপিৰেই হব: প্ৰভাৰীৰ দায়িত্ব লৈয়েই ঘোষণা মন্ত্ৰী টোমৰৰ