ETV Bharat / state

PMAY scheme in Guwahati: গুৱাহাটীত নিৰ্মাণ নহ’ল প্রধানমন্ত্রী আবাস যোজনাৰ এটাও গৃহ

author img

By

Published : May 2, 2022, 10:17 PM IST

প্রধানমন্ত্রী আৱাস যোজনা(Pradhan Mantri Awas Yojana) আঁচনিৰ ধন বছৰি আৱণ্টিত হৈ আহিছে যদিও আশ্চর্যজনকভাৱে ৰাজ্য চৰকাৰে বিশেষকৈ অসমৰ চহৰ সমূহৰ বস্তি অঞ্চলত এই আঁচনি ৰূপায়ণত চৰমভাৱে ব্যৰ্থ হৈছে । ২০১৭ চনৰৰ পৰা চলিত বৰ্ষলৈ মুঠ পাঁচ হেজাৰ কোটি টকা এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে লাভ কৰিছে । কিন্তু এতিয়ালৈ গুৱাহাটীত বস্তি অঞ্চলৰ গৃহহীন লোকসকলৰ এটাও গৃহ নিৰ্মাণ হোৱা নাই (PMAY scheme in Guwahati) ।

PMAY scheme in Guwahati
গুৱাহাটীত নিৰ্মান নহ’ল প্রধানমন্ত্রী আবাস যোজনাৰ এটাও গৃহ

গুৱাহাটী, 2 এপ্ৰিল: প্রধানমন্ত্রী আৱাস যোজনা(Pradhan Mantri Awas Yojana) আঁচনিৰ ধন বছৰি আৱণ্টিত হৈ আহিছে যদিও আশ্চর্যজনকভাৱে ৰাজ্য চৰকাৰে বিশেষকৈ অসমৰ চহৰসমূহৰ বস্তি অঞ্চলত এই আঁচনি ৰূপায়ণত চৰমভাৱে ব্যৰ্থ হৈছে । উল্লেখ্য যে, সমগ্র দেশতে ২০১৫ চনত ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রণালয়ৰ অধীনত প্রধানমন্ত্রী আৱাস যোজনাৰ (নগৰ) আৰম্ভ কৰা হৈছিল ।

২০১৭ চনৰ পৰা এই আঁচনিৰ ৰূপায়ণ অসমত আৰম্ভ হৈছিল । আঁচনিৰ অন্যতম লক্ষ্য অনুসৰি চহৰ-নগৰসমূহৰ আশে-পাশে থকা প্রব্রজিত শ্রমিক, অসংগঠিত খণ্ডৰ শ্ৰমিক অথবা ঔদ্যোগিক খণ্ডৰ অত্যন্ত দৰিদ্ৰ শ্ৰমিকক মর্যাদা সহকাৰে বসবাসৰ ব্যৱস্থা কৰি দিয়া, অর্থাৎ গৃহ নিৰ্মাণ কৰি দিয়া । ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি উক্ত আঁচনিৰ অধীনত দেশৰ সকলো চহৰ-নগৰৰ বস্তি অঞ্চলসমূহত বাস কৰা অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক ২০২২ চনৰ ভিতৰত গৃহ নিৰ্মাণ কৰি দিব লাগিব ।

অতি দুর্ভাগ্যজনক বিষয়টো হ'ল অসমৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ত বস্তি অঞ্চলত গৃহ নিৰ্মাণ কৰাটো দূৰৰে কথা বস্তি অঞ্চলৰ সংজ্ঞাই নিৰ্ধাৰণ কৰিব পৰা নাই পৌৰ সভাসমূহৰ লগতে গুৱাহাটী পৌৰ নিগমে । সংশ্লিষ্ট চৰকাৰী বিভাগে নগৰাঞ্চলৰ বস্তি অঞ্চলত আঁচনিখন ৰূপায়ণ কৰাৰ বাবে বাস কৰা হিতাধিকাৰীয়েই বিচাৰি পোৱা নাই ।

এনেদৰেই অসম বস্তি অঞ্চল (উন্নয়ন আৰু মুকলি) আইন, ১৯৫৯(The Assam Slum Areas (Improvement and Clearance) Act, 1959) ধোঁৱাচাঙত তুলিছে ৰাজ্য চৰকাৰে । ফলত ‘আহিছে ধন, গৈছে ধন, খৰচ কৰিবলৈ কাৰো নাই মন’ সদৃশ হৈছে সমগ্র প্রক্রিয়া । প্রধানমন্ত্রী আৱাস যোজনা (নগৰ)ৰ অধীনত বছৰি অসমলৈ কমেও এহেজাৰ কোটি টকা আৱণ্টন হয় যদিও আঁচনিৰ অন্যতম অংশীদাৰ ৰাজ্যৰ চহৰসমূহৰ বস্তি অঞ্চলসমূহ সংশ্লিষ্ট পৌৰ নিগমৰ দ্বাৰা জাননীযোগে ঘোষিত নোহোৱা হেতুকে প্রকৃত উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত আঁচনিৰ ধন ব্যয় কৰিব পৰা নাই ।

এই সন্দৰ্ভত প্রধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ ৰাজ্যিক মিছন সঞ্চালকৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে তথ্য মতে ২০১৮ত সঞ্চালকালয়ে নিজাববীয়াকৈ মহানগৰীৰ প্ৰায় ৪০ টা বস্তিসদৃশ বিভিন্ন অঞ্চলত জৰীপ সম্পন্ন কৰি আঁচনি ৰূপায়ণৰ সম্ভাৱনীয়তা পৰীক্ষা কৰে যদিও কোনো এটা অঞ্চলেই ৰাজ্যিক কেবিনেটৰ দ্বাৰা ঘোষিত নহয় বাবেই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে ।

তাৎপর্যপূৰ্ণভাৱে পৰৱৰ্তী পৰ্যায়ত পৌৰ নিগমে নিজাববীয়াকৈ আন এক জৰীপ সম্পন্ন কৰে যদিও ৰহস্যজনকভাৱে ইয়াৰ ফলাফল আজি পর্যন্ত ৰাজহুৱা কৰা নহ'ল । ৰাজ্যিক মিছন সঞ্চালকালয়ৰ সূত্ৰই কয় যে আঁচনিৰ অধীনত বস্তি অঞ্চলত গৃহ নিৰ্মাণৰ বাবে ভূমিৰ নথিপত্ৰ, ভূমিৰ গুণাগুণ পৰীক্ষা, নিৰ্দিষ্ট চাৰিসীমা, বাসিন্দাৰ প্ৰমাণপত্ৰ আদিৰ প্ৰয়োজন হয় ।

এই বৈশিষ্ট্যসমূহ মহানগৰীৰ কোনো এটা বস্তি অঞ্চলৰ ক্ষেত্ৰতেই উপলব্ধ নহয় । ইয়াৰ বাবে পৌৰ নিগমৰ অৱহেলাকে দায়ী কৰে সূত্ৰটোৱে । প্রধানমন্ত্রী আৱাস যোজনা (নগৰ) ৰূপায়ণৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰী বিধি ব্যৱস্থাত চলি থকা বেমেজালিৰ সন্দৰ্ভত বস্তি অঞ্চলৰ অধিকাৰৰ হকে কাম কৰি অহা বেচৰকাৰী সংস্থা ‘যুৱাৰ জ্যেষ্ঠ প্রকল্প সহযোগী চৈয়দা মেহজাবিন ৰহমানে কয় যে কেৱল মহানগৰীতে অতি কমেও ১৬৩ টা বস্তি অঞ্চল আছে ।

২০১১ৰ লোকপিয়ল(Census 2011) অনুসৰি মহানগৰীৰ সেই বস্তি অঞ্চলসমূহত অতি কমেও ২৫ৰ পৰা ৩০ হেজাৰ জনসংখ্যা আছে । মেহজাবিনে কয়, বিধি অনুসৰি পৌৰ নিগমসমূহে এনে বস্তি অঞ্চলসমূহক চিনাক্ত কৰিব লাগে । পৰৱৰ্তী সময়ত নগৰ উন্নয়ন বিভাগে তাক স্বীকৃতি দিবৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে আৰু অনুৰূপভাৱে ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰি ঘোষণা কৰিব লাগে ।

গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যৰ কোনো এখন বস্তি অঞ্চলৰ ক্ষেত্ৰতেই এনে কৰা হোৱা নাই । যুৱাৰ জ্যেষ্ঠ প্রকল্প সহযোগীগৰাকীয়ে লগতে কয়, ‘বস্তি অঞ্চল (উন্নয়ন আৰু মুকলিকৰণ) আইন-১৯৬৯’ এক প্ৰকাৰ ধোঁৱা চাঙত উঠিছে । আজি পর্যন্ত উক্ত আইনৰ কোনো সংশোধন অনা হোৱা নাই । সেই ৩০ হেজাৰ বস্তিবাসী চৰকাৰৰ পৰা কেৱল সময়ে সময়ে উচ্ছেদৰ সন্মুখীন হৈ আহিছে ।

তথ্য অনুসৰি ২০১৭ চনৰৰ পৰা চলিত বৰ্ষলৈ মুঠ পাঁচ হেজাৰ কোটি টকা এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে লাভ কৰিছে । কিন্তু এতিয়ালৈ গুৱাহাটীত বস্তি অঞ্চলৰ গৃহহীন লোকসকলৰ এটাও গৃহ নিৰ্মাণ হোৱা নাই (PMAY scheme in Guwahati) । এতিয়া কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্রী আৱাস যোজনা (নগৰ) আঁচনিখনৰ ম্যাদ অহা ২০২৩ চনৰ মে' পৰ্যন্ত বৃদ্ধি কৰিছে । এবছৰৰ ভিতৰত এই আচঁনিখন গুৱাহাটীত বস্তি অঞ্চলত কিদৰে ৰূপায়ণ হ'ব সেয়া সময়হে ক'ব ৷

লগতে পঢ়ক: ৰাজনৈতিক বৈৰী নহয় পুনৰ এবাৰ কটনৰ অগ্ৰজ-অনুজৰ ৰূপত অখিল-হিমন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.