গুৱাহাটী, ৮ জুন : শক্তিমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছৰে পৰা বিভিন্ন স্থানলৈ গৈ বিভাগটোৰ দিশসমূহ পৰ্যৱেক্ষণ কৰিছে মন্ত্ৰী বিমল বৰা (Bimal Bora)ই । মঙলবাৰে মহানগৰীৰ বোন্দাস্থিত অসম ৰুফিং লিমিটেড (Assam Roofing Limited)ৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় শক্তিমন্ত্ৰীগৰাকী ।
কাৰ্যালয়টোত উপস্থিত হৈ বিদ্যুতৰ মিটাৰসমূহ পৰীক্ষা কৰে মন্ত্ৰী গৰাকীয়ে । কাৰখানাৰ মিটাৰসমূহ সুৰক্ষিতভাৱে ৰাখিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ । সময়মতে গ্ৰাহকসকলক বিল পৰিশোধ কৰিবলৈও আহ্বান মন্ত্ৰী গৰাকীৰ ।
মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ মজুত আছে আৰু লোড শ্বেডিং হোৱাৰ কোনো আশংকা নাই । কোনো গ্ৰাহকে যাতে অসৎ পন্থাৰে বিদ্যুৎ গ্ৰহণ নকৰে তাৰ বাবেও চোকা দৃষ্টি ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান মন্ত্ৰী গৰাকীৰ ।
নিজৰ ম'বাইল নম্বৰো আনকি ৰাজহুৱা কৰিলে মন্ত্ৰী গৰাকীয়ে । যদি কোনো অভিযোগ থাকে পোনপটীয়াকৈ গ্ৰাহক সকলক ৯৯৫৪৪-১৪৯৬৯ নম্বৰত ফোন অথবা হোৱাটছ এপপত মন্ত্ৰী গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
যদি কোনো যান্ত্ৰিক বিজুতিৰ বাবে বিদ্যুৎ কৰ্তন হয় তেনেহ'লে উপ-সংমণ্ডলসমূহক ফেচবুক অৰ্থাৎ সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক আগতীয়াকৈ কিমান সময়ৰ বাবে আৰু কি কাৰণত বিদ্যুৎ কৰ্তন হ'ব সেয়া জনাবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ । চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত চিন্তা চৰ্চা মন্ত্ৰী গৰাকীক । এখন বিকশিত অসম গঢ়াৰ স্বাৰ্থত ৰাজ্যৰ সকলো উদ্যোগ প্ৰতিষ্ঠানৰ লগতে লোক সকলক সজাগ হ'বলৈ আহ্বান।
লগতে পঢ়ক:বিভিন্ন কেলেংকাৰীত সাঙোৰ খাইছে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ নাম !