ETV Bharat / state

নিৰ্বাচনী ব্যস্ততা সমাপ্ত: ভাগৰ মাৰিছে ৰাজনৈতিক নেতাসকলে - তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত বহু পৰিমাণে হ্ৰাস পাইছে ৰাজনৈতিক নেতাৰ ব্যস্ততা । সেয়েহে, ক্ষন্তেক জিৰণি লৈছে ৰাজনৈতিক নেতাসকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী আৰু ডিব্ৰুগড়ত কেইদিনমান কটোৱাৰ পৰিকল্পনা কৰিছে । আনহাতে, কাঞ্চনজুৰিত চাহ বাগিচাত সময় কটাইছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইফালে, দিছপুৰতে ওপজা দিন পালন কৰিলে মন্ত্ৰী অতুল বৰাই ।

অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত ক্ষন্তেক জিৰণি লৈছে ৰাজনৈতিক নেতাই

author img

By

Published : Apr 7, 2021, 4:59 PM IST

গুৱাহাটী, ৭ এপ্ৰিল: প্ৰায় ডেৰমাহ জোৰা ৰাজনৈতিক ব্যস্ততাৰ পৰা মুক্ত হৈ নিজৰ বাবে আছুতীয়াকৈ অলপ সময় উলিয়াবলৈ চেষ্টা কৰিছে ৰাজ্যৰ কেইবাজনো ৰাজনৈতিক নেতাই । মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে এক দীঘলীয়া ব্যস্ততাপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পৰে । এতিয়া অপেক্ষা মাথোঁ অহা ২ মে'লৈ ।

নিজৰ সমষ্টি জালুকবাৰীত মাত্ৰ আধা ঘন্টাৰ বাবে সোঁ-শৰীৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়চোৱাত অসমৰ প্ৰায় প্ৰতিটো সমষ্টিলৈকে গৈ দিনে-নিশাই প্ৰচাৰ চলাইছিল । ক'ৰবাত যদি চাইকেল চলাই, আন ক'ৰবাত আকৌ খোজকাঢ়ি বা গাড়ীৰ বনেটত বহি নিৰ্বাচনী প্ৰচাৰ চলাইছিল মন্ত্ৰীগৰাকীয়ে । মুঠতে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ যেন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মা । এতিয়া নিৰ্বাচন শেষ হ'ল । তেওঁৰ ব্যস্ততাও যেন হ্ৰাস পালে !

সেয়েহে অন্ততঃ দুদিনমান নিজৰ মতে কটাব খুজিছে মন্ত্ৰীগৰাকীয়ে । মঙলবাৰে সপৰিয়ালে ভোটদান সাব্যস্ত কৰিয়েই মন্ত্ৰী ড৹ শৰ্মা ৰাওনা হয় তেওঁৰ মালিকানাধীন কাঞ্চনজুৰি চাহ বাগিচালৈ । কাজিৰঙাত অৱস্থিত এই কাঞ্চনজুৰি চাহ বাগিচাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বিলাসী বাংলোত দুদিনমান কটাই নিৰ্বাচনী ভাগৰ পলুৱাব খুজিছে মন্ত্ৰীগৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী আৰু ডিব্ৰুগড়তে এইকেইটা দিন পাৰ কৰিব ‌।

নিৰ্বাচনৰ ভাগৰ মাৰিবলৈ ক'লৈকো ওলাই যোৱাৰ পৰিকল্পনা কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ইপিনে, অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বুধবাৰে দিছপুৰৰ চৰকাৰী বাসগৃহতে তেওঁৰ একান্ত অন্তৰংগ দুই এক শুভাকাংক্ষীৰ‌ সৈতে উদযাপন কৰে তেওঁৰ ওপজা দিনটো । নিৰ্বাচনী ধামখুমীয়াৰ মাজৰ পৰা ওলাই আহি তেওঁ সম্পূৰ্ণকৈ নিজৰ বাবে যেন পাৰ কৰিলে এটা দিন ।

লগতে পঢ়ক:ভূৰাগাঁৱত ড্ৰাগছসহ দুই যুৱকক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.