ETV Bharat / state

HSLC Exam Result 2022 : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তুষাৰ - মহানগৰীৰ বীৰকুছিৰ কলিতাকুচিৰ তুষাৰ কেওত

দৰিদ্ৰতাক নেওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ নাৰেংগীৰ নন্দ ইংলিছ হাইস্কুলৰ ছাত্ৰ তুষাৰ কেওঁটে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়া আনিছে গৌৰৱ(Student passed in HSLC Exam with distinction) । উৎফুল্লিত পিতৃ-মাতৃ ৷

Etv Bhapoor-student-from-narengi-who-has-passed-hslc-exam-with-distinctionrat
Etv BHSLC Exam Result 2022 : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তুষাৰharat
author img

By

Published : Jun 9, 2022, 7:50 PM IST

গুৱাহাটী, 9 জুন : শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে- এই কথাষাৰেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰই(Poor student achievement) ।

দৰিদ্ৰতাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই মহানগৰীৰ বীৰকুছিস্থিত কলিতাকুছিৰ তুষাৰ কেওঁট নামৰ ছাত্ৰগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (Student passed in HSLC Exam with distinction)। মহানগৰীৰ বীৰকুছিস্থিত নন্দ ইংলিছ হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তুষাৰ কেওঁটে সৰ্বোচ্চ ৫৮২ নম্বৰ লাভ কৰি মাত্ৰ ছয় নম্বৰৰ বাবে শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ।

HSLC Exam Result 2022 : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তুষাৰ

উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ তুষাৰৰ পিতৃ ৰামদেৱ কেওঁটে দিন হাজিৰা কৰি কোনোমতে ঘৰখন পোহপাল দি আহিছে । পাহাৰৰ পৰা কেতিয়াবা ঘাঁহ, কেতিয়াবা খৰি সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো পোহপাল দি অহা পিতৃয়ে 2007 চনত পাহাৰত ঘাঁহ আনিবলৈ যাওঁতে বনৰীয়া মেঠোনৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ কেইবাবছৰ ধৰি শয্যাশায়ী হৈ আছিল ।

সেয়ে দৰিদ্ৰতাই জুৰুলা কৰা তুষাৰৰ মাতৃ অনিতা কেওঁটে দিন হাজিৰা কৰি পৰৱৰ্তী সময়ত সন্তানক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ লগতে ঘৰখনো চলাই নিয়াৰ দায়িত্ব বহন কৰে । তেনে এগৰাকী পিতৃ-মাতৃৰ সুযোগ্য সন্তানে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে আনন্দৰ বন্যা বৈছে পৰিয়াল তথা শিক্ষানুষ্ঠাখনত ।

বৃহস্পতিবাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা কেইবাগৰাকীও কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে তুষাৰক বিশেষভাবে সম্বৰ্ধনা জনায় । উল্লেখ্য যে, নাৰেংগীৰ ১৯৯৩ চনত বীৰকুছি অঞ্চলত স্থাপিত নন্দ ইংলিছ হাইস্কুল নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিকভাবে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তদুপৰি অঞ্চলটোৰ অতি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰি বিদ্যালয় কৰ্তৃপক্ষই অন্য এক দৃষ্টান্ত দাঙি ধৰিছে ।

লগতে পঢ়ক : নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত 'বৃহত্তৰ নাৰেংগীৰ ইতিহাস' গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.