গুৱাহাটী, ১৬ ডিচেম্বৰ : জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদানৰ নামত ভেকোভাওনা কৰিছে নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগে ? ৰোগীয়ে লাভ কৰিছেনে নূন্যতম সা-সুবিধা ? সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই উত্থাপন কৰা অভিযোগে হতচকিত কৰিছে সকলোকে । বুধবাৰে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্যখণ্ডৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপন কৰে ।
তেওঁলোকৰ মতে, ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত থকা চাৰি ভাগৰ এক অংশ এম্বুলেঞ্চেই বিকল(Poor health infrastructure in Assam ) । ৬০০ খন এম্বুলেঞ্চৰ ভিতৰত প্ৰায় ১০০ খন বিকল হোৱাৰ লগতে অধিকাংশৰ অৱস্থা জৰাজীৰ্ণ । অক্সিজেনৰ অভাৱত আধা বাটতে ৰোগীৰ মৃত্যু হয় বুলিও গুৰুতৰ অভিযোগ তুলিলে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সংস্থাই । সংস্থাৰ নেতৃবৰ্গই কয় যে, ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত বৰ্তমান ব্যৱহাৰ হৈ থকা অধিকাংশ এম্বুলেঞ্চতে অক্সিজেনৰ অভাৱ হোৱাৰ লগতে বৰষুণ আহিলে বহু এম্বুলেঞ্চৰ ওপৰৰ অংশৰে ভিতৰত পানী সোমায় ।
আনহাতে, অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ দাবী জনায় সংস্থাটোৱে । চাকৰি নিয়মীয়াকৰণ নকৰিলে আত্মহত্যাৰ হুংকাৰ দিয়ে সন্থাটোৰ নেতৃবৰ্গই ।
সংবাদমেলত সন্থাটোৰ সম্পাদক বাবুল দাসে কয় যে, বিগত ২০-২৫ বছৰ ধৰি ৰাজ্যৰ বিভিন্ন স্থানত থকা চিকিৎসালয়সমূহত বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে প্ৰায় ৪ হাজাৰ লোক । তেওঁলোকে বৰ্তমান বেতনৰ নামত ৪ হাজাৰ টকা মাহিলি পায় । কিন্তু বৰ্তমান ইমান কম টকাৰে পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সৃষ্টি হৈছে ।
চাকৰি নিয়মীয়াকৰণ আৰু কামৰ উচিত মূল্য দিবলৈ বাৰম্বাৰ মুখ্যমন্ত্ৰী, স্বাস্থমন্ত্ৰী , স্বাস্থ্য বিভাগৰ বিষয়াক আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । বাবুল দাসে লগতে কয় যে, চৰকাৰে অস্থায়ী কৰ্মচাৰীখিনিক কেনেদৰে সংস্থাপন দিব সেই বিষয়েও ৰাজহুৱা কৰা নাই । স্বাস্থ্য বিভাগত নতুন নিযুক্তি দিয়াৰ আগতে অস্থায়ী কৰ্মচাৰীখিনিৰ চাকৰি নিয়মীয়া কৰিবলৈ সন্থাটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।
লগতে পঢ়ক:ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী