ETV Bharat / state

Poor condition of bridge: এখন নৱ নিৰ্মিত দলঙে বিপাঙত পেলাইছে পথচাৰীক

author img

By

Published : May 1, 2023, 8:39 PM IST

লোক নির্মাণ বিভাগৰ চৰম অৱহেলাৰ বাবেই তেতেলীয়া-অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ নৱ নিৰ্মিত দলংখন বিপদ সংকুলভাৱে ওলমি আছে (Poor condition of newly constructed bridge)৷ ফলত ভয়াৱহ দুৰ্ঘটনাৰ আকাংক্ষা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

Poor condition of newly constructed bridge

গুৱাহাটী, ১ মে’ : গুৱাহাটী মহানগৰীৰ ২ নং ৱাৰ্ডৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (এ ই চি পথ) পৰা তেতেলীয়ালৈ যোৱা পথছোৱাৰ ৰে’ল ক্ৰছিঙৰ দাঁতিত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰিছে এখন দলং ৷ কিন্তু দায়িত্বত থকা বিভাগীয় বিষয়া কৰ্মচাৰীৰ চৰম অৱহেলাৰ বাবে আজিও সম্পূৰ্ণ হৈ উঠা নাই দলংখন (Poor condition of newly constructed bridge) ৷ এই অভিযোগ স্থানীয় ৰাইজ ৷ ফলত এই দলংখনত যিকোনো মুহূৰ্ততে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আকাংক্ষাই প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত লোক নির্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ৩ নং ক্ষেত্ৰীয় উপ সংমণ্ডলৰ উদ্যোগত ২০১৯-২০ চনত পূৰ্বৰ কাঠৰ দলংখন ভাঙি নতুনকৈ কংক্ৰিটৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ।

কিন্তু দলংখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ হ’ল যদিও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দিশৰ ফালে প্ৰয়োজনীয় মাটি নিদিয়াত দলঙৰ সেই ফালটো অতি বিপদ সংকুল হৈ পৰিছে । যাৰ বাবে চালকৰ সামান্য অসাৱধানতাৰ বাবে দলঙৰ ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

জানিব পৰা মতে, গুৰুত্বপূৰ্ণ পথচোৱাৰ তদাৰকতাৰ দায়িত্বত থকা পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় উপ সংমণ্ডলৰ দায়িত্ববাহী অভিযন্তাই দলংখনৰ নিৰ্মাণৰ পাচত প্ৰথম অৱস্থাত বহু দিনলৈ দুয়োটা মূৰত উপযুক্তভাৱে মাটি দি যাতায়ত সুচল কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়া নাছিল ।

তাৰ পাচত চলিত বৰ্ষৰ আৰম্ভণিতে তেতেলীয়াৰ দিশৰ অংশটোত মাটি দি পূৰ কৰা হয় । কিন্তু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দিশৰ ফালে মাটি দি পোৰ নকৰাত দলং নিৰ্মাণ হোৱাৰ পাচতো এতিয়াও বিপদসংকুল হৈ থাকিল এই দলংখন ।

এই সন্দৰ্ভত তেতেলীয়া আৰু এ ই চি চৌহদত বাস কৰা বাসিন্দাসকলে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বিষয়টোত হস্তক্ষেপ কৰি নিৰ্মাণ কার্য শীঘ্ৰে সম্পন্ন কৰি গুৰুত্বপূৰ্ণ পথছোৱাৰ যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : Corruption news: জোনাইত কোটি টকীয়া পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.