ETV Bharat / state

Heat waves in Assam : উৎকট গৰম; ৰাজ্যৰ ৯৫ শতাংশ প্ৰাথমিক বিদ্যালয়ত নাই চিলিং ফেন

author img

By

Published : Jun 5, 2023, 5:35 PM IST

ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শোচনীয় অৱস্থা ৷ ৰাজ্যৰ কেইবাখনো জিলাত তাপমাত্রা ৩৭-৩৮ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈছে। ৰাজ্যৰ কেইবাশ চৰকাৰী বিদ্যালয়ত চিলিং ফেনৰ সুবিধা প্ৰদান কৰাতো দূৰৰে কথা, আজিলৈকে বিদ্যুৎ সংযোগেই স্থাপন হোৱা নাই (Poor condition of Assam primary school)।

Poor condition of Assam primary school
ৰাজ্যৰ ৯৫ শতাংশ প্ৰাথমিক বিদ্যালয়ত নাই চিলিং ফেন

গুৱাহাটী, 5 জুন : প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। ৰাজ্যত দিনৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী অতিক্ৰম কৰিছে। বৰষুণৰ অভাৱত যোৱা কিছুদিনৰপৰা হঠাৎ বৃদ্ধি পাইছে তাপমাত্রা (Heat waves in Assam)। কামৰূপ মহানগৰকে ধৰি কেইবাখনো জিলাত তাপমাত্রা ৩৭-৩৮ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পাইছে। প্রচণ্ড গৰমত পুৱাৰ প্ৰাৰ্থনা আৰু শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিবলৈ দুর্ভোগ ভুগিব লগা হৈছে ছাত্র-ছাত্রীসকলে । আনকি গৰমত মূৰ্চ্ছা যোৱাৰো একাধিক ঘটনা ঘটিছে। যাৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় কেইবাখনো জিলাত আগুৱাই দিয়া হৈছে (Poor condition of Govt school)।

তৎসত্ত্বেও ৰাজ্যৰ কেইবাহাজাৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে চিলিং ফেনৰ অভাৱত উৎকট গৰমৰ মাজতো শিক্ষাগ্রহণ কৰি থাকিব লগা হৈছে। উল্লেখযোগ্য যে, ৰাজ্যৰ কেইবাশ চৰকাৰী বিদ্যালয়ত চিলিং ফেনৰ সুবিধা লাভ কৰাতো দূৰৰে কথা, আজিলৈকে বিদ্যুৎ সংযোগেই স্থাপন হোৱা নাই।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত এতিয়াও এক লাখ ১১ হাজাৰ ৯৩১ খন চিলিং ফেনৰ অভাৱ। তদুপৰি এতিয়াও ৰাজ্যৰ ১,৬১৬ খন বিদ্যালয়ত বিশুদ্ধ খোৱাপানী আৰু ৫১১ খন বিদ্যালয়ত নাই বিদ্যুতৰ সুবিধা। ১,১৪০ খন বিদ্যালয়ৰ নাই পকীঘৰ। প্রায় এক লাখ ১২ হাজাৰখন চিলিং ফেন ক্ৰয় কৰিবলৈ ৰাজ্য চৰকাৰৰ বাবে প্রয়োজন মাত্র ১৫-১৬ কোটি টকা। কিন্তু এই ধন ব্যয় কৰি সকলো চৰকাৰী বিদ্যালয়তে চিলিং ফেনৰ ব্যৱস্থা কৰিব নোৱাৰাটো অতিশয় উদ্বেগজনক।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৩১,৩৫৩ খন প্রাথমিক আৰু ৪,০৪০ খন মাধ্যমিক বিদ্যালয় আছে। এই ৩৫ হাজাৰ বিদ্যালয়ৰ ভিতৰত ৪.৫ শতাংশ বিদ্যালয়তহে চিলিং ফেন আছে। অৰ্থাৎ ৰাজ্যৰ ৯৫ শতাংশ বিদ্যালয়তে চিলিং ফেনৰ প্ৰয়োজন আছে।

মন কৰিবলগীয়া যে এনেদৰে আন্তঃগাথঁনিৰ অভাৱৰ মাজেৰে এতিয়া ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ চলি আছে। ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়বোৰত অসমৰ ৪০ লাখ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে। কিন্তু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়বোৰত নাই কোনো প্ৰধান শিক্ষক। ৰাজ্যৰ ৩৫,৪৩৩ খন প্ৰাথমিক বিদ্যালয়বোৰ ভিতৰত ৩,০০০ খন প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক। দুজন শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ১৯,০০০ খন।

শেহতীয়াভাৱে চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অতিৰিক্ত কামৰ বোজা জাপি দিছে। এতিয়াৰে পৰা অসমত থকা অংগনবাড়ী কেন্দ্ৰ থকা অংকুৰ, মকুল আৰু কানন শ্ৰেণীৰ নিৰীক্ষণৰ দায়িত্ব অতিৰিক্তভাৱে প্ৰাথমিক শিক্ষকসলৰ ওপৰত জাপি দিছে। এনেদৰে চলিছে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা।

লগতে পঢ়ক: World environment day: জামুগুৰিহাটৰ পৰা চতিয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ২১ কিলোমিটাৰ পথত গছপুলি ৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.