ETV Bharat / state

চৰকাৰৰ ব্যৰ্থতাঃ পৰিত্যক্ত উত্তৰ-পূৱৰ একমাত্ৰ যক্ষ্মা চিকিৎসালয় - etv bharat

বিৰুবাৰীত অৱস্থিত এইখন চিকিৎসালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয় কিন্তু এতিয়া ৰূপান্তৰ হৈছে গোহালি সদৃশ পৰিৱেশলৈ।

বিৰুবাৰীৰ এখন চিকিৎসালয়ে উদঙাইছে চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি
author img

By

Published : Jun 7, 2019, 7:33 AM IST

গুৱাহাটী, 6 জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ এখন একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয়। কিন্তু একেবাৰে শোচনীয় হৈ পৰিছে চিকিৎসালয় খনৰ অৱস্থা। গছ বন লতাৰে আৱৰি ধৰিছে চিকিৎসালয়খন চৌহদ। বিৰুবাৰীত অৱস্থিত এইখন চিকিৎসালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয় কিন্তু এতিয়া ৰূপান্তৰ হৈছে গোহালি সদৃশ পৰিৱেশলৈ। যি সময়ত চৰকাৰে স্বাস্থ্য বিভাগত পৰিবৰ্তনৰ কথা কয়, সেই সময়ত যক্ষ্মা ৰোগৰ চিকিৎসালয়খনৰ দুৰৱস্থাই চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি উদঙাইছে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত.....

বিৰুবাৰীৰ এখন চিকিৎসালয়ে উদঙাইছে চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি
Intro:
উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয়। কিন্তু চিকিৎসালয় খনৰ অৱস্থা এতিয়া শোচনীয় । চিকিৎসালয় খনৰ চাৰিওফালে গছ বন লতাৰে আৱৰি ধৰিছে । বিৰুবাৰীত অৱস্থিত এইখন চিকিৎসালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয় কিন্তু এতিয়া ৰূপান্তৰ হৈছে গোহালি সদৃশ পৰিবেশলৈ। জানিব পৰা মতে যি সময়ত চৰকাৰে স্বাস্থ্য বিভাগত পৰিবৰ্তনৰ কথা কৈ থাকে সেই সময়ত যক্ষ্মা ৰোগৰ চিকিৎসালয়খনৰ দুৰৱস্থাই চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি উদঙাই দিছে।





Body:যক্ষ্মা ৰোগৰ চিকিৎসালয় খনৰ চাৰিওকাষৰ পৰিবেশ দেখিলে বুজিব পাৰে কেনেদৰে এই চিকিৎসা লয়ত থকা ৰোগীয়ে নিজৰ চিকিৎসা কৰিছে। ৰোগী সকলে জানিবলৈ দিছে যে মহৰ উৎপাতত একেবাৰে থাকিব নোৱাৰা অৱস্থা চিকিৎসালয় খনত লগতে শৌচাগাৰৰ অৱস্থাও অত্যন্ত শোচনীয় ।চিকিৎসালয়ৰ চিকিৎসকে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ঠ অৱহেলা কৰে। লগতে নিশা প্ৰোয়ে লঘোণে থাকিব লগা হয় ৰোগী সকল। লেতেৰা পৰিবেশত এতিয়া এনেদৰে দুৰ্ভোগত ভুগিছে ৰোগীয়ে ।যক্ষ্মা ৰোগৰ নতুন চিকিৎসালয়ৰ বিল্ডিং বনোৱা হৈছে যদিও কিয় বৰ্তমানলৈ স্থানান্তৰ হোৱা নাই চিকিৎসালয় খন । বৰ্তমান 60 গৰাকী ৰোগী থকা এই যক্ষ্মা ৰোগৰ চিকিৎসালয় খনৰ দুৰৱস্থাত কেনেদৰে এই ৰোগী সকলৰ চিকিৎসা হৈছে সেয়া সেয়া চিন্তনীয় বিষয়।





Conclusion:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.