গুৱাহাটী,১ ফেব্ৰুৱাৰী : ৰাজ্যসভাৰ খালী হ'বলগীয়া দুখন আসনকলৈ শাসক-বিৰোধী উভয় পক্ষই অভ্যন্তৰীণ কুচ-কাবাজ আৰম্ভ কৰিছে যদিও কোনো কথা স্পষ্ট কৰা নাই । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ আসনক লৈ ইতিমধ্যেই অংক কৰি থোৱা বুলি পূৰ্বতেই উল্লেখ কৰি থৈছে । অৱশ্যে অংক কৰি থৈছে যদিও এতিয়াও প্ৰাৰ্থীৰ নাম বিশেষভাৱে চৰ্চালৈ অহা নাই । কিন্তু শেহতীয়াকৈ বি পি এফৰে কৰা মিত্রতাই বিশেষ চৰ্চা লাভ কৰিছে ।
ৰাজ্যসভাৰ খালী হ'বলগীয়া দুখন আসন নিজৰ অধীনলৈ অনাৰ বাবেই শাসকীয় দল বিজেপিয়ে বি পি এফৰ সৈতে মিত্রতা কৰাৰ প্ৰসংগ চৰ্চিত হৈছে (Rajya Sabha election 2022) । বি পি এফ আৰু ইউ পি পি এলৰ মাজত শত্ৰুতা থকাৰ পাছতো বিজেপিয়ে বি পি এফৰ লগত মিত্রতা কৰিলে । ইফালে ইউ পি পি এল বিজেপি মিত্রজোঁটৰ অংশীদ্বাৰ দল । বি পি এফৰ সৈতে বিজেপিৰ মিত্ৰতা হোৱাৰ পিছতে ৰাজনৈতিক পট পৰিবৰ্তনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে ।
![Rajya Sabha election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-rajya-sabha-election-special-story-7209925_01022022161316_0102f_1643712196_605.jpg)
মিত্ৰতাৰ পিছতে বড়ো জনগোষ্ঠীৰ পৰা এগৰাকী ব্যক্তিক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি নতুন দিল্লীলৈ পঠোৱাৰ কুচ-কাবাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ইউ পি পি এল আৰু বি পি এফ দুয়োটা দলৰ নেতৃত্বই বড়ো জনগোষ্ঠীৰ পৰা এগৰাকী ব্যক্তিক ৰাজ্যসভালৈ মনোনিত কৰিবলৈ বিজেপিৰ নেতৃত্বক খাটনি ধৰিছে । সমগ্ৰ বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব যদিও এইক্ষেত্ৰত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীক ৰাজ্যসভাৰ সাংসদ হিচাপে পঠাই বিজেপিয়ে নিজৰ পথ নিষ্কণ্টক কৰিব বিচাৰিছে বুলিও চৰ্চা হৈছে ।
![Rajya Sabha election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-rajya-sabha-election-special-story-7209925_01022022161316_0102f_1643712196_367.jpg)
অৱশ্যে বি পি এফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানলৈকে বিষয়টো সন্দৰ্ভত মুখ খোলা নাই যদিও হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা মতে নিজে ৰাজ্যসভাৰ প্ৰাৰ্থী নহৈ দলৰে আন জ্যেষ্ঠ নেতাক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি নতুন দিল্লীলৈ পঠোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে মহিলাৰীয়ে । সূত্ৰটোৱে সদৰি কৰা মতে ইতিমধ্যে বিষয়টোকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা হৈছে আৰু ফলপ্ৰসূ আলোচনাৰ পিছতে বি পি এফ আৰু বিজেপিৰ মিত্ৰতা সম্পন্ন হৈছে । বি পি এফ দলৰ পৰা বড়ো জনগোষ্ঠীৰ এগৰাকী নেতাই যে অনাগত ৰাজ্যসভাৰ নিৰ্বাচনত (Rajya Sabha election 2022) টিকট লাভ কৰিব সেয়া প্ৰায় খাটাং বুলিয়ে সূত্ৰটোৱে দাবী কৰিছে ।
![Rajya Sabha election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-rajya-sabha-election-special-story-7209925_01022022161316_0102f_1643712196_219.jpg)
ইফালে হাগ্রামা মহিলাৰী প্রার্থী নহ'লেও বি পি এফে তেওঁলোকৰ এজন নেতাক ৰাজ্য সভালৈ নিয়াৰ বাবে হিচাপ-নিকাচ চলাই আছে । ইয়াৰ অংশ হিচাপে প্রবীণ বড়ো আৰু ৰিহণ দৈমাৰীৰ নাম কিছু চৰ্চালৈ আনিছে । কিন্তু বিষয়টো যিহেতু বিজেপি তথা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল, সেয়ে কোনোৱেই স্পষ্টকৈ একো কথা প্রকাশ কৰিব পৰা নাই ।
আনহাতে কংগ্ৰেছৰ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ নামটোও বিজেপিৰ হৈ চৰ্চালৈ আহিছে । ইফালে ৰাজ্যসভাৰ এখন আসন মিত্রদল ইউ পি পি এলক দিয়াৰ কথাও চৰ্চা হৈছে । অৱশ্যে সকলো নিৰ্ভৰ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ ওপৰত । লক্ষণীয় বিষয় যে ৰাজ্যসভাৰ খালী হ'ব লগা দুখন আসনৰ নির্বাচনক লৈ বিৰোধী দলৰ মাজত ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে যদিও অতি ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে বিজেপিয়ে ।
![Rajya Sabha election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-rajya-sabha-election-special-story-7209925_01022022161316_0102f_1643712196_301.jpg)
বি পি এফক লগত লৈ শাসক পক্ষই ভোটাধিকাৰ সাব্যস্ত কৰিব লগা সদস্য সংখ্যা বৃদ্ধি কৰাৰ পাছতো প্রার্থীৰ বিষয়টো গোপনে ৰাখিছে । এক কথাত বিজেপি একপ্রকাৰ মুখ্যমন্ত্রীকেন্দ্রিক হৈ পৰিছে । বিষয়টো মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল বুলি কেইবাজনো শীর্ষ নেতাই জানিবলৈ দিছে । ইফালে বিৰোধী কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈ কেইবাজনো নেতাৰ নাম চৰ্চালৈ আহিছে ।
![Rajya Sabha election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-rajya-sabha-election-special-story-7209925_01022022161316_0102f_1643712196_515.jpg)
বর্তমানৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰিপুন বৰাৰ উপৰিও প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক লৈ কিছু চর্চা চলিছে । তাৰ মাজতেই দলৰ আন এজন জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰেও নিজকে ৰাজ্য সভাৰ প্রার্থী হিচাপে দাবী কৰি ছোনিয়া গান্ধীলৈ পত্র প্ৰেৰণ কৰিছে । এক কথাত বিৰোধী কংগ্ৰেছত আৰম্ভ হৈছে কিছু তৎপৰতা ।
ৰাজ্য সভাৰ নিৰ্বাচনকলৈ এ আই ইউ ডি এফেও কৌশলগতভাৱে কংগ্ৰেছৰ ওপৰত হেঁচা প্রয়োগ কৰা আৰম্ভ কৰিছে । এ আই ইউ ডি এফ দলে নিজৰ প্ৰাৰ্থী দিব বিচাৰিছে । লক্ষণীয় বিষয় যে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিৰোধীয়ে এজন উমৈহতীয়া প্রার্থীৰ সন্ধানত আছে । বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়ো পক্ষই নিজৰ নিজৰ দলৰ প্রার্থী থিয় কৰোৱাৰ দাবীত অটল হৈ আছে যদিও ভিতৰি ভিতৰি উমৈহতীয়া প্রার্থীৰ সন্ধানতো ব্যস্ত আছে কংগ্ৰেছ ।
বিজেপিৰে সংগ দিয়াৰ পাছতো বিৰোধীৰ উমৈহতীয়া প্রার্থী হিচাপে চৰ্চালৈ আহিছে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ নাম । অতি শেহতীয়াকৈ বি পি এফৰ নেতাজনৰ নাম কংগ্ৰেছৰ ফালৰ পৰা উচ্চাৰিত হৈছে যদিও এই ক্ষেত্ৰত এ আই ইউ ডি এফে মুখ খোলা নাই । ৰাজনৈতিকভাৱে মিত্রতা নহ'লেও বি পি এফৰ তিনিজন বিধায়কে বিধানসভাৰ মজিয়াত বিজেপি নেতৃত্বাধীন চৰকাৰক সমর্থন জনোৱাৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে । তেনে ক্ষেত্ৰত কংগ্ৰেছ বা এ আই ইউ ডি এফ, চি পি এম, ৰাইজৰ দলৰ পৰা আনুষ্ঠানিক প্রস্তাৱ আহিলে বি পি এফৰ মুৰব্বীজনে মানি ল'ব নে নলয়, সেই কথা স্পষ্ট নহয় ।
ৰাজ্য সভাৰ নিৰ্বাচনত দ্বিতীয়খন আসনৰ ছবি অস্পষ্ট হৈ আছে যদিও কংগ্ৰেছে ৰাজ্য সভাৰ নির্বাচনৰ বাবে সিদ্ধান্ত ল'বলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অধ্যক্ষ, ৰকিবুল হুছেইনক উপাধ্যক্ষ, বাজেদ আলী চৌধুৰী, ভৰত চন্দ্ৰ নৰহ, কমলাক্ষ দে' পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰক সদস্য, ৰাণা গোস্বামীক আহ্বায়ক হিচাপে লৈ এখন কমিটী গঠন কৰি দিছে । ৰাজ্য সভাৰ নির্বাচনক লৈ বিৰোধী পক্ষৰ মাজত চর্চা চলিছে যদিও মুখ্যমন্ত্রী ড০ শৰ্মাই সদৰি কৰা কতে তেওঁ হেনো ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মূৰ ঘমোৱা নাই । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ নির্বাচন ঘৰৰ বিষয় ।
বিজেপিয়ে পৌৰ নির্বাচনক লৈহে গুৰুত্ব দিছে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগত কয় যে এ আই ইউ ডি এফৰ লগত আমাৰ ৰাজনৈতিক মিত্রতা নাই আৰু মহাজোঁটো নাই । গতিকে মিত্রতা কৰাৰ প্ৰশ্নও নাই । ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে এককভাৱে এজনক নিৰ্বাচন কৰি দিল্লীলৈ পঠাব নোৱাৰে ।
গতিকে বিজেপি বিৰোধী শক্তি মিলি এজন উমৈহতীয়া প্ৰাৰ্থী ৰাজ্যসভালৈ প্ৰেৰণৰ বাবে কংগ্ৰেছে প্ৰচেষ্টা হাতত লৈছে বুলি তেওঁ কয় । ইয়াৰ বাবে দেবব্ৰত শইকীয়াৰ নেতৃত্বত কমিটী গঠন কৰি দিয়াৰ কথা তেওঁ উল্লেখ কৰে । এতিয়াও সকলো কথা জল্পনা-কল্পনাৰ মাজতে আছে যদিও যিকোনো সময়তে ৰাজনৈতিক পট পৰিবৰ্তন হ'ব পাৰে ।
লগতে পঢ়ক :Assam municipal election 2022:পৌৰসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা