ETV Bharat / state

ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

author img

By

Published : Feb 20, 2022, 3:22 PM IST

এইবাৰ চৰ্চাত ৰাজ্যসভাৰ নিৰ্বাচন (Rajya sabha election in Assam) ৷ ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব, সেয়াহে এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে চলিছে চৰ্চা । দলৰ ভিতৰুৱা এক খবৰ মতে, ৰাজসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন মিত্ৰদল ইউ পি পি এলক এৰি দি আনখনত বিজেপিয়ে নিজা প্ৰাৰ্থী আগবঢ়াব ৷

rajya sabha election 2022
ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব, তাকে লৈ চলি থকা আলাপ আলোচনাবোৰ ইতিমধ্যে শেষ হৈছে । এইবাৰ আহিছে ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha election 2022) । ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব, সেয়াহে এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে চৰ্চাৰ বিষয় । সংখ্যা মতে, বিজেপিয়ে ৰাজ্যসভাৰ এখন আসনহে লাভ কৰিব পাৰে যদিও মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি দলৰ বাকীসকল নেতায়ো দাবী কৰি আহিছে যে, এখন নহয়, দুয়োখন আসনেই বিজেপিৰ হ’ব ।

কেনেকৈ হ’ব সেয়া উহ্য । দলৰ ভিতৰুৱা এক খবৰ মতে, ৰাজসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন মিত্ৰদল ইউ পি পি এলক এৰি দি আনখনত বিজেপিয়ে নিজা প্ৰাৰ্থী আগবঢ়াব । সেই প্ৰাৰ্থীজন কোন হ’ব ? এতিয়া বিজেপিৰ নেতা-পালিনেতা সকলোৰে চকুৱে মুখে সেয়াই প্ৰশ্ন । মনকৰিবলগীয়া যে, ৰাজ্যসভাৰ এই আসনখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কোন হ’ব, সেয়া চূড়ান্ত কৰিবলৈ দলৰ ৰাজ্যিক সভাপতিগৰাকীতকৈ মুখ্যমন্ত্ৰীকহে অধিক কৰ্তৃত্ব অৰ্পণ কৰিছে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ।

যদিওবা দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰী দুয়োৰে মাজত আলোচনা বিলোচনাৰ পিছতহে সম্ভাব্য প্ৰাৰ্থীৰ নাম অনুমোদনৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ’ব ৷ কিন্তু নিশ্চিতভাৱে প্ৰাৰ্থী সেইজনহে হ’ব যিজনক মুখ্যমন্ত্ৰীয়ে বিচাৰিব । ঠিক ‘‘ৰজাই ভাল দেখে যাক...’’ বোলা কথাষাৰৰ দৰে ।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল ৰাজ্যিক বিজেপিৰ শেহতীয়া কেতবোৰ ঘটনাক্ৰমলৈ মন কৰিলে দেখা যায় যে, দলৰ প্ৰায় বিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সভাপতিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়েহে ৰাজহুৱা কৰে । যেন মুখ্যমন্ত্ৰীৰ সমূখত একপ্ৰকাৰ নিস্তেজ সভাপতি ! সেই পৰম্পৰা অক্ষুন্ন ৰাখিয়েই হ’বলা এইবাৰো ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব, সেইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথাই হ’ব শেষ কথা ।

লগতে পঢ়ক : মাজুলীত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.