ETV Bharat / state

Hindi Compulsory in School: কি ক'লে ৰামেশ্বৰ তেলী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতিয়ে? - অৰুণাচল প্ৰদেশে হিন্দীক ৰাজ্যিক ভাষাৰ স্বীকৃতি

দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Hindi as compulsory subject in schools)৷ অসমৰ বিভিন্ন দল-সংগঠন, ব্যক্ত বিশেষে ইয়াৰ বিৰুদ্ধে মাত মাতিছে । দুই কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই সিদ্ধান্তৰ অনধিকাৰ হস্তক্ষেপ বুলি আখ্যা দিছে ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰৰ সিদ্ধান্তৰ ওপৰত কোৱাত অসুবিধা আছে ৷

Hindi as compulsory subject in schools
কি ক'লে ৰামেশ্বৰ তেলী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতিয়ে?
author img

By

Published : Apr 9, 2022, 7:00 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰে দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে (Hindi as compulsory subject in schools)। ভাৰতৰ বহু প্ৰান্তত এই সিদ্ধান্তক আদৰণি জনালেও অসমৰ প্ৰেক্ষাপটত পৰিৱেশ পৰিস্থিতি সুকীয়া । অসমৰ বিভিন্ন দল সংগঠনে একমুখে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শনিবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাষা শিকাটো কোনো বেয়া কথা নহয়, কেৱল হিন্দীয়েই নহয় যিমান পাৰি সিমান ভাষা ক’ব পৰাটো বা শিকাটো ভাল কথা । কিন্তু ইয়াক বলপূৰ্বক জাপি দিয়াটো উচিত নহয় ।

কি ক'লে ৰামেশ্বৰ তেলী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতিয়ে?

সাংসদ গৰাকীয়ে কয় - "মই নিজেও সংসদত হিন্দীত কথা ক’বলৈ চেষ্টা কৰো । কিন্তু বলপূৰ্বকভাৱে ইয়াক কাৰো ওপৰত জাপি দিব নালাগে ।" অনুৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে এইদৰে বলপূৰ্বক হিন্দী ভাষা জাপি দিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে হিন্দী ভাষাটো জানিলে সৰ্বভাৰতীয় পৰ্যায়ত চাকৰি বাকৰিৰ ক্ষেত্ৰত সকলো ৰাজ্যৰ লোকেই সুবিধা লাভ কৰিব পাৰিব । কিন্তু উত্তৰ প্ৰদেশৰ এজন হিন্দী কোৱা প্ৰাৰ্থীৰ সৈতে অসমৰ এজন হিন্দী কোৱা প্ৰাৰ্থীয়ে ফেৰ মাৰিব পাৰিব নেকি বুলিও তেওঁ প্ৰশ্ন তোলে ।

বিৰোধী দলপতিগৰাকীয়ে কয় যে হিন্দী ক’লেই চাকৰি পাব বুলি যদি কোনোবাই ভাবিছে তেন্তে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে । আনহাতে, চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে মন্তব্য কৰিবলৈ কিছু অসুবিধা আছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে হিন্দী এটা ৰাষ্ট্ৰীয় ভাষা (Rameswar Teli on mandatory subject Hindi)। গতিকে ইয়াক শিকিব পাৰিলে ভাল । শনিবাৰে অৰুণাচল প্ৰদেশে হিন্দীক ৰাজ্যিক ভাষাৰ স্বীকৃতি দিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । অৱশ্যে তেওঁ লগতে এই বুলিও কয় যে একে সময়তে সকলো ৰাজ্যই নিজা নিজা ভাষাসমূহো গুৰুত্ব সহকাৰে ল’ব লাগিব ।

লগতে পঢ়ক: দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.