ETV Bharat / state

এগৰাকী আৰক্ষী বিষয়াৰ দেহত পুনৰ ক'ভিড-১৯ৰ ভাইৰাছ

মহানগৰীত বৰ্তমানেও অব্যাহত আছে মহামাৰী ক'ৰণাৰ সংক্ৰমণ । ইয়াৰ মাজতে ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হৈ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাৰ পাছতো এগৰাকী আৰক্ষী বিষয়া পুনৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে ।

author img

By

Published : Jul 31, 2020, 10:50 PM IST

Police Office Maniram Kalita's Covid-19 again found
ক'ভিডমুক্ত হোৱাৰ পিছতো এগৰাকী আৰক্ষী বিষয়াৰ দেহত পুনৰ ক'ভিড-১৯ৰ ভাইৰাছ

গুৱাহাটী,৩১জুলাই: কিছুদিন পূৰ্বে জালুকবাৰী আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছিল । পৰৱৰ্তী সময়ত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল থানাখনৰ সহকাৰী উপ পৰিদৰ্শক মণিৰাম কলিতা । এই গৰাকী আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত হৈছে ক'ভিড-১৯ত ।

ক'ভিডমুক্ত হৈ যোৱা ১৭ জুলাইত কৰ্তব্যত যোগদান কৰা সহকাৰী উপ পৰিদৰ্শক গৰাকীৰৰ শৰীৰৰ তাপমাত্ৰা অধিক হৈ জ্বৰত ভুগি থকাৰ বাবে বৃহস্পতিবাৰে মহানগৰীৰ পাণ্ডুত স্বাৱ পৰীক্ষা কৰিছিল । পৰীক্ষাৰ ফলাফলত আৰক্ষী বিষয়া গৰাকীৰ দেহত দ্বিতীয়বাৰৰ বাবে ধৰা পৰে ক'ভিড-১৯ৰ উপস্থিতি । পুনবাৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে বিষয়াগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আনহাতে জালুকবাৰী আৰক্ষী থানাৰে দীপক কাকতি নামৰ আন এগৰাকী কনিষ্টবলো ক'ৰণাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । জানিব পৰা মতে বৰ্তমান জালুকবাৰী আৰক্ষী থানা আৰু যানবাহন নিয়ন্ত্ৰণ শাখাৰ মুঠ ৮ গৰাকীকৈ আৰক্ষীৰ জোৱান ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.