ETV Bharat / state

APSC Cash For Job Scam : লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাক ৬ ঘন্টা জেৰা - Chief Secretary Paban Kumar Borthakur

পুনৰ আৰম্ভ হৈছে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত ৷ শনিবাৰে জেৰা কৰা হ’ল কেলেংকাৰীৰ অন্যতম অভিযুক্ত নন্দবাবু সিনহাক (Former APSC officer Nandbabu Sinha)৷ সিন্হাক জেৰাৰ পাছতে পোহৰলৈ আহিছে ন-ন তথ্য ৷

APSC Cash For Job Scam
অসম লোকসেৱা আয়োগ
author img

By

Published : Jan 28, 2023, 8:04 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ : পুনৰ আৰম্ভ হ’ল APSC চাকৰি কেলেংকাৰীৰ তদন্ত ৷ অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাক জেৰা আৰক্ষীৰ (Nandbabu Sinha interrogates over APSC scam)৷ ৬ ঘন্টীয়া জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৷ এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত হৈয়ো এতিয়াও জে’লৰ বাহিৰত থকাসকলৰ ভিতৰত এজন হৈছে নন্দবাবু সিনহা ৷

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ(Assam Public Service Commission) কেলেংকাৰীৰ সময়ৰ ৪৫ হাজাৰ OMR চিট জ্বলাই দিছিল নন্দবাবুয়ে ৷ শনিবাৰে জেৰাৰ পাছত শীঘ্ৰে গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈছে নন্দবাবুৰ ৷ আনহাতে ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী প্ৰেৰণৰ বাবে সাজু হৈছে আৰক্ষী ৷ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকাসকলক জেৰাৰ বাবে শীঘ্ৰে কৰা হ’ব তলব ৷ অহা মাহত পুনৰ জেৰাৰ সন্মুখীন হ'ব নন্দবাবু সিনহা (Nandababu Sinha APSC)৷

তদন্তৰ অন্তত তথ্য-প্ৰমাণৰ ভিত্তিত সিনহাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে (Surjeet Singh Panesar)৷ শনিবাৰে পূব গুৱাহাটী আৰক্ষী জিলা কাৰ্যালয়ত সুৰজিৎ সিং পানেছাৰে জেৰা কৰে নন্দবাবু সিনহাক ৷ APSC কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত নন্দবাবু সিনহাক জেৰা কৰা হয় ৷ পূব গুৱাহাটী আৰক্ষী জিলা কাৰ্যালয়ত ৬ ঘণ্টা জেৰা কৰা হয় অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰকজনক ৷

উল্লেখ্য যে ৰাকেশ পালৰ(Former APSC chairman Rakesh Paul) কাৰ্যকালত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল সিনহা ৷ বহু পৰীক্ষাবহী জ্বলাই দিয়াৰ অভিযোগ আছে নন্দবাবু বিৰুদ্ধে ৷ নন্দবাবু সিনহাৰ কেলেংকাৰী কিছুদিন পূৰ্বে পোহৰলৈ আনিছিল বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷ উল্লেখযোগ্য যে, বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ বৰ্ষৰ APSCৰ পৰীক্ষা আৰু বাচনি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি ২ এপ্ৰিলত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰৰ ওচৰত ৷

পৰৱৰ্তী সময়ত ২০১৪ বৰ্ষৰ পৰীক্ষা আৰু বাচনি প্ৰক্ৰিয়াৰ তদন্তৰ দায়িত্বও শৰ্মা আয়োগক দিয়ে ৰাজ্য চৰকাৰে ৷ ২০১৩ চনৰ প্ৰতিবেদনত মুঠ ৩৯ জন প্ৰাৰ্থী আৰু নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত লোকক দুৰ্নীতি আৰু অনিয়মেৰে APSC ৰ চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত কৰে ৷ শৰ্মা(Justice Biplab Kumar Sharma) আয়োগে ২ এপ্ৰিলৰ প্ৰতিবেদন প্ৰকাশৰ পাছতে এই প্ৰতিবেদন পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে তদানীন্তন মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত এখন ৫ জনীয়া কমিটি গঠন কৰি দিয়ে ৷

জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰাত যোৱা ছেপ্তেম্বৰ মাহত বৰ্তমানৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰৰ(Chief Secretary Paban Kumar Borthakur) অধ্যক্ষতাত পুনৰ উচ্চস্তৰীয় কমিটিখন গঠন কৰা হয় ৷ এতিয়া নন্দবাবু সিনহাৰ জেৰাত এপিএছচি কেলেংকাৰীৰ বহু নতুন তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: Corruption in Cooperative Society: হিতাধিকাৰীৰ আটাৰে ৰুটী খালে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.