ETV Bharat / state

Dispur College Cheque Fraud Case: প্ৰকৃত দোষীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে - দিছপুৰ মহাবিদ্যালয়

বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই দিছপুৰ মহাবিদ্যালয়ে হেৰুৱাবলগীয়া হৈছিল বুজন পৰিমানৰ ধন (Cyber thief stolen money of Dispur College)। পোহৰলৈ আহিছে এই কথা ৷ পুৰণি চেকৰ ক্ৰমিক নম্বৰৰ সৈতেও সাদৃশ্য আছে হৰলুকি হোৱা ধনৰ চেকৰ ক্ৰমিক নম্বৰৰ ৷ এই কথা জানিবলৈ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷

Dispur College Cheque Fraud Case
প্ৰকৃত দোষীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
author img

By

Published : May 7, 2022, 10:36 PM IST

গুৱাহাটী, ৭ মে’: দিছপুৰ মহাবিদ্যালয়ৰ ধন হৰলুকি হোৱা ঘটনাৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । বেংক কৰ্তৃপক্ষই স্বীকাৰ কৰিছে নিজৰ গাফিলতিৰ কথা । হৰলুকি হোৱা ৭৬ লাখ টকা মহাবিদ্যালয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ঘূৰাই দিব বুলি পত্ৰ প্ৰেৰণ কৰিছে বেংক কৰ্তৃপক্ষই ।

এই বিষয় সন্দৰ্ভত শনিবাৰে মহানগৰীৰ উপ-আৰক্ষী আয়ুক্ত (ইষ্ট) সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, পূৰ্বৰ এখন চেকৰ জৰিয়তে উলিওৱা হৈছে হৰলুকি হোৱা ধনৰাশি । অন্য এক কামৰ বাবে দিছপুৰ মহাবিদ্যালয়ে ৩৮০০ টকাৰ এখন চেক প্ৰদান কৰিছিল । সেই ৩৮০০ টকাৰ চেকৰ ক্ৰমিক নম্বৰৰ মিল আছে হৰলুকি কৰা ধনৰাশিৰ চেকৰ নম্বৰ সৈতে ৷ ইতিমধ্যেই আটকাধীন বেংকৰ মুখ্য শাখা মেনেজাৰসহ দুগৰাকী বেংক বিষয়াক চৰ্তসাপেক্ষে যাবলৈ দিয়া হৈছে বুলি মন্তব্য কৰে সুধাকৰ সিঙে (Bank manager detained in cheque fraud case of Dispur college)।

প্ৰকৃত দোষীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰখা হৈছে তদন্ত ৷ এই ঘটনাৰ লগত মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা বেংকৰ কোনো কৰ্মচাৰী জড়িত থাকিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে । উল্লেখ্য যে, বেংক অব্ বৰোদাৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউন্টৰ পৰা আৰ টি জি এছ যোগে ইউনিয়ন বেংকৰ বৰানগৰ শাখালৈ ট্ৰেন্সফাৰ হৈছিল ৭৬ লাখ টকা (Cyber thief stolen money of Dispur College)। এই কথা পোহৰলৈ অহাৰ পাছতে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । আৰক্ষীয়ে ১০৯৪/২২ নম্বৰত ১২০ বি/২০৯/৪৬৮/ ৪৬৭/৪২০/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.