ETV Bharat / state

Police bust fake call centre: পুনৰ ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:00 PM IST

শনিবাৰে বেলতলাত ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান চলায় ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ৷ 14 ছেপ্টেম্বৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ ভুৱা কল চেণ্টাৰ উৎখাত কৰিছে ৷

Police bust fake call centre
ভুৱা কল চেণ্টাৰ উৎখাত
বেলতলাত ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান

গুৱাহাটী, ৩০ চেপ্টেম্বৰ : মহানগৰীত কল চেন্টাৰৰ বিৰুদ্ধে অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ৷ উৎখাত কৰা হৈছে ইটোৰ পিছত সিটো ভুৱা কল চেন্টাৰ ৷ ইতিমধ্যে চাইবাৰ অপৰাধৰ ঘাটি ভুৱা কল চেন্টাৰসমূহ উৎখাত কৰিছে অপৰাধ অনুসন্ধান শাখাই ৷

শনিবাৰে বেলতলাৰ সত্যপুৰ পথৰ গৃহ নং ২১ ত ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ৷ জানিব পৰা মতে ২০২২ চনৰ অক্টোবৰ মাহত আকিবুল আৱাজ নামৰ ঘৰৰ গৰাকীৰ পৰা চক্ৰটোৱে ভাৰালৈ লৈছিল ঘৰটো ৷ জানুৱাৰীৰ পৰা কাম আৰম্ভ হৈছিল কল চেণ্টাৰত ৷ প্ৰতি নিশা আৰম্ভ হৈছিল কল চেন্টাৰৰ কাম-কাজ ৷ প্ৰায় ৩৫ গৰাকী যুৱক-যুৱতীয়ে কাম কৰিছিল চেণ্টাৰটোত ৷

ভাৰাঘৰৰ গৰাকীয়ে জনোৱা অনুসৰি তেওঁ প্ৰতিদিনে ভুৱা কল চেন্টাৰসমূহত চলোৱা অভিযান প্ৰত্যক্ষ কৰিছিল সংবাদ মাধ্যমৰ জৰিয়তে ৷ সেয়েহে নিজৰ ভাৰঘৰটোত চলি থকা কল চেন্টাৰৰ বিষয়ে অৱগত কৰিছিল গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৷ সেই অনুসৰি শনিবাৰে ক্ৰাইম ব্ৰাঞ্চে কল চেন্টাৰটোত অভিযান চলায় ৷ উল্লেখ্য যে বিগত 14 ছেপ্টেম্বৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই দহটাকৈ ভুৱা কল চেণ্টাৰ উৎখাত কৰিছে ৷

শনিবাৰে বেলতলাত অভিযান চলোৱা ভুৱা কল চেণ্টাৰটোতো নিশা হ’লে কাম আৰম্ভ হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে ৷ এই ভুৱা কল চেণ্টাৰসমূহৰ সৈতে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ আছে ৷ বিশেষকৈ বহিঃৰাষ্ট্ৰৰ লোকসকলক লক্ষ্য কৰি লয় এই চক্ৰটোৱে ৷ আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক সামাজিক মাধ্যমৰ জৰিয়তে জাল পেলাই এই অপৰাধত জড়িত কৰোৱাই ৷ কেৱল বহিঃৰাষ্ট্ৰই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ বহু লোকৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰি আহিছে এই অপৰাধী চক্ৰটোৱে ৷

লগতে পঢ়ক : Cyber fraud case : চাইবাৰ অপৰাধীৰ ৮৫৪ কোটি টকা লুণ্ঠন, ৬ অপৰাধীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.