ETV Bharat / state

আধাৰ কাৰ্ড বিচাৰি জলা-কলা খাইছে 'প্ৰধানমন্ত্ৰী আবাস যোজনাৰ' হিতাধিকাৰীয়ে

author img

By

Published : Sep 2, 2020, 4:56 PM IST

আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ড, পঞ্চায়তৰ কাৰ্যালয়লৈ বাট বুলিছে প্ৰায় ২৪ লাখ হিতাধিকাৰীয়ে। পঞ্চায়তৰ কাৰ্যালয়সমূহত হোৱা ৰাইজৰ ভিৰে COVID-19ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে।

PMGY banifishery facing trouble
আধাৰ কাৰ্ড বিচাৰি দুৰ্ভোগ ভূগিবলগীয়া হৈছে 'প্ৰধানমন্ত্ৰী আবাস যোজনাৰ' হিতাধিকাৰীয়ে

গুৱাহাটী, ২ছেপ্টেম্বৰ: পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে আধাৰ কাৰ্ড বিচাৰি দুৰ্ভোগ ভূগিবলগীয়া হৈছে 'প্ৰধানমন্ত্ৰী আবাস যোজনাৰ' হিতাধিকাৰীয়ে । 'প্ৰধানমন্ত্ৰী আবাস যোজনাৰ' অধীনত আবাসগৃহ আবণ্টনৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । COVID-19ৰ সকলো স্বাস্থ্যবিধি একাষৰীয়া কৰি আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে পঞ্চায়তৰ কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে ।

কেন্দ্ৰই আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ সিদ্ধান্ত ল'লে ঠিকেই, কিন্তু ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ পৰিকল্পনাৰ অভাৱত এতিয়া জ্বলা-কলা খাবলগীয়া হৈছে হিতাধিকাৰীয়ে । 'প্ৰধানমন্ত্ৰী আবাস যোজনাৰ' হিতাধিকাৰীৰ আধাৰ কাৰ্ড সংলগ্ন কৰাৰ অন্তিম দিন ৩১জুলাই নিৰ্ধাৰণ কৰি দিয়া হৈছিল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা জিলা পৰিষদ আৰু উন্নয়ন খণ্ডলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত এই প্ৰক্ৰিয়াই গতি লাভ নকৰিলে। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডৰ তথ্য সংলগ্ন কৰাৰ সময় ৩১ আগষ্টলৈকে বৃ্দ্ধি কৰি দিয়ে। তথাপিও গা নলৰিল সংশ্লিষ্ট কৰ্তৃপক্ষৰ। বিভাগীয় বিষয়াৰ দায়িত্বহীনতাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । এতিয়া আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ড, পঞ্চায়তৰ কাৰ্যালয়লৈ বাট বুলিছে প্ৰায় ২৪ লাখ হিতাধিকাৰীয়ে । পঞ্চায়তৰ কাৰ্যালয়সমূহত হোৱা ৰাইজৰ ভিৰে COVID-19ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে । আনহাতে আধাৰ কাৰ্ডৰ নামত ৰাইজৰ ধনেৰে একাংশ দালালে নিজৰ পকেট গৰম কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক : অখিল গগৈৰ আইনী সাহায্য পুঁজিলৈ ৫০হাজাৰ টকা কলাগুৰু ফাউণ্ডেশ্যনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.