গুৱাহাটী , 8 মাৰ্চ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দিনৰ 11 বজাত গুৱাহাটীৰ পৰা ত্ৰিপুৰা লৈ ৰাওনা হয় । প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ ৰাওনা হয় । তাৰ পৰা প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীলৈ পোনে পোনে উভতি যাব । উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণৰ পিছত মঙ্গলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশাটো কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত কটায় (Prime minister North East visit) ।
নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সকলৰ লগত বৈঠকত মিলিত হয় । বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অৱশ্যে বৈঠকত আলোচ্য বিষয় ৰাজহুৱা কৰা নাই । জানিব পৰা মতে বৈঠকত অসম চৰকাৰৰ উন্নয়নমূলক কাম কাজ, চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয় । ইপিনে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাৰ চৌহদত গছপুলি ৰোপণ কৰে (PM Modi Tripura visit)।
গছপুলি ৰোপণৰ সময়ত প্ৰধানমন্ত্ৰীৰ লগত উপস্থিত আছিল মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত ৰাজ্যপাল । উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ কামাখ্যা দৰ্শনৰ কাৰ্যসূচী বাতিল কৰে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে সন্ধিয়া প্ৰায় 5 বজাত নাগালেণ্ডৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে অৱতৰণ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় । বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক গান, নৃত্য, সংগীতেৰে আদৰণি জনোৱা হয় ।
মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ আগমনকলৈ বৰঝাৰ বিমানবন্দৰ সজাই পৰাই তোলা হৈছিল । উল্লেখ্য যে, অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে পুৱা প্ৰায় ১০.১৫ মিনিটত বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানেৰে অৱতৰণ কৰিছিল । প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে বৰঝাৰ বিমান বন্দৰৰ পৰাই শ্বিলঙলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী গৰাকী । ইয়ীৰ পিছতে শ্বিলঙৰ ৰাজভৱনত কনৰাড চাংমাৰ নেতৃত্বাধীন নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : Massive soil erosion in Dibrugarh town: পেইনকিলাৰৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ দাবী অজাপ সভাপতিৰ
তাৰ পিছত দিনৰ ডেৰ বজাত কহিমাৰ ৰাজধানী সাংস্কৃতিক প্ৰকল্প চৌহদত হোৱা নেফিউ ৰিঅ'ৰ নেতৃত্বাধীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী । দুয়োটা অনুষ্ঠানতে অংশ লোৱাৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহে প্ৰধানমন্ত্ৰী মোদী । ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণকলৈ গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলা পৰিলক্ষিত হৈছিল ।
মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৰঝাৰ বিমানবন্দৰত বিদায় সম্ভাষণ জনায় ।