ETV Bharat / state

PM Modi to Guwahati : দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আজি গুৱাহাটীত প্ৰধানমন্ত্রী মোডী

author img

By

Published : Apr 14, 2023, 8:15 AM IST

Updated : Apr 14, 2023, 11:41 AM IST

কেইবাটাও কাৰ্যসূচীৰে আজি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী ৷ কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্রীগৰাকীয়ে । গুৱাহাটীত অৱস্থিত এইমছো আজি প্ৰধানমন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব (Guwahati AIIMS Inagruated today by Modi)। আজি মুঠ 14 হাজাৰ 300 কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

AIIMS Inagruated today by Modi
আজি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

গুৱাহাটী, 14 এপ্ৰিল : এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্রী মোডীয়ে আজি 14 হাজাৰ কোটি টকাৰো অধিক ব্যয়ৰে কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । লগতে 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৱে একেটা স্থানতে প্ৰদৰ্শন কৰিবলগীয়া বিহুনাচো উপভোগ কৰিব । কাৰ্যসূচী অনুসৰি আজি দিনৰ প্ৰায় 11.30 বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হ'ব । তাৰ পৰা হেলিকপ্টাৰেৰে আই আই টি গুৱাহাটীত উপস্থিত হৈ চাংসাৰিৰ এইমছ গুৱাহাটীত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Modi Assam visit) ।

1123 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 750 খন বিছনাযুক্ত এইমছ গুৱাহাটী আজি প্ৰধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজো মুকলি কৰিব । উল্লেখ্য যে, নলবাৰী মেডিকেল কলেজ ৬১৫ কোটি টকা, নগাঁও মেডিকেল কলেজ ৫৬০ কোটি টকা আৰু কোকৰাঝাৰ মেডিকেল কলেজ ৫৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে । আনহাতে এইমছ গুৱাহাটীৰ পৰাই প্ৰধানমন্ত্রীয়ে প্ৰধানমন্ত্রীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনি অনুসৰি ১ কোটি ১০ লাখ মানুহৰ বাবে আয়ুষ্মান কাৰ্ড মুকলি কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকী ৰূপত বিতৰণ কৰিব এই কাৰ্ড । ১০ মে'ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ পূৰ্তি উপলক্ষ্যে আয়ুষ্মান অসম আঁচনিখন কাৰ্যকৰী কৰা হ'ব (Assam’s 3 medical College Hospital inauguration)।

AIIMS Inagruated today by Modi
আজি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী

আনহাতে প্ৰধানমন্ত্রীয়ে এইমছৰ পৰাই আই আই টি গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া 'আৰ্হি' নামৰ অত্যাধুনিক প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিব । ৬০০ কোটি টকা ব্যয় সাপেক্ষে আই আই টি গুৱাহাটী চৌহদত নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানখনত স্বাস্থ্য সেৱাৰ লগতে হেল্থ ইঞ্জিনিয়াৰিং উপলব্ধ হ'ব । এইমছৰ পৰা হেলিকপ্টাৰযোগে প্ৰধানমন্ত্রী দিনৰ ১.৪৫ বজাত খানাপাৰাৰ খেলপথাৰত উপস্থিত হৈ কলাক্ষেত্রলৈ যাব । কলাক্ষেত্রত প্ৰধানমন্ত্রীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাষণ আগবঢ়াব । কলাক্ষেত্রৰ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্রীয়ে আধাঘণ্টা সময় কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত জিৰণি ল'ব । কইনাধৰাৰ পৰা প্ৰধানমন্ত্রী ৪.৩০ বজাত সৰুসজাই ষ্টেডিয়াম অভিমুখে যাত্রা কৰিব । সৰুসজাই ষ্টেডিয়ামত ৪.৪৫ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব আৰু প্ৰধানমন্ত্রীয়ে সৰুসজাইত কেইবাটাও আঁচনি মুকলি কৰিব বুলি জানিবলৈ পৰা গৈছে (Largest Bihu dance performance in Guwahati) ।

সৰুসজাইৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি নামৰূপৰ ৫০০ টিপিডি মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব । ১৭০৯ কোটি টকা ব্যয় সাপেক্ষৰ এই প্ৰকল্পটোৰ ৫১ শতাংশ ব্যয় অসম চৰকাৰৰ আৰু ৪৯ শতাংশ ব্যয় অইল ইণ্ডিয়াৰ । তদুপৰি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি ১০০ কোটি টকা ব্যয় সাপেক্ষে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা আঁচনিৰ কামৰো শুভাৰম্ভ কৰিব । দুয়োটা কাৰ্যসূচীৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ'বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলাও প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি স্থাপন কৰিব । ৩১৯৭ কোটি টকা ব্যয় সাপেক্ষে দলঙখন নিৰ্মাণ কৰা হ'ব (PM Modi to inaugurates Methanol project) ।

সৰুসজাইৰ পৰাই প্ৰধানমন্ত্রীয়ে উত্তৰ পূব সীমান্তৰ প্ৰায় ৭০০০ কোটি টকা ব্যয়ৰে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব । ইয়াৰ ভিতৰত আছে ডিগাৰু-লামডিং দ্বৈত ৰেলপথ, গৌৰীপুৰ-অভয়াপুৰী নতুন ৰেলপথ, নিউ বঙাইগাঁও-ধূপধৰা দ্বৈত ৰেলপথ, জলফাইগুৰি-গুৱাহাটী সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণ আৰু শিলঘাট-মৈৰাবাৰী ৰেলপথ মুকলি । এইসমূহ কাৰ্যসূচীৰ পাচতে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিহুনাচৰ বিশাল অনুষ্ঠানটো ।

সৰুসজাইত ১১ হাজাৰৰো অধিক বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহুনাচ । প্ৰধানমন্ত্রীৰ উপস্থিতিত অসমীয়াৰ বিহুৱে লাভ কৰিব বিশ্বজনীন কৃতিত্ব । আনহাতে প্ৰধানমন্ত্রীৰ উপস্থিতিতে বিহুনাচ আৰু ঢোলবাদনে লাভ কৰা গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্র কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে প্ৰদান কৰিব । উল্লেখ্য যে বিশ্ব অভিলেখৰ বাবে বিহুনাচ প্ৰদৰ্শন আৰু ঢোল বাদনৰ অনুষ্ঠানটো ১৩ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল । বিহুনাচৰ বিশাল অনুষ্ঠানটো উপভোগ কৰাৰ পাছতে প্ৰধানমন্ত্রীগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব আৰু 14 এপ্ৰিলৰ বিয়লিৰ ভাগত দিল্লীলৈ উৰা মাৰিব ।

লগতে পঢ়ক : Protest in Guwahati : ৰঙালী বিহুৰ প্রাক্ ক্ষণত চচলত অনশনত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজ

Last Updated : Apr 14, 2023, 11:41 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.