ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আশ্বাস : বাঘজানৰ ৰাইজক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে - পৰ্যালোচনা বৈঠক

বাঘজান অগ্নিকাণ্ডৰ বুজ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৃহস্পতিবাৰে এক পৰ্যালোচনা বৈঠকত অংশ লয় ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বাঘজানৰ ৰাইজক সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Pm narendra modi discussed with sarbananda sonowal about baghjan fire assam etv bharat news
বাঘজান অগ্নিকাণ্ডৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Jun 18, 2020, 6:45 PM IST

নিউজ ডেস্ক,18 জুন: ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকখনত প্ৰধানমন্ত্ৰী গৰাকীয়ে বাঘজানৰ পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ উক্ত বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, পেট্ৰ’লিয়াম মন্ত্ৰী, পৰিৱেশ আৰু বনমন্ত্ৰীৰ লগতে ড’নাৰ মন্ত্ৰীয়ে ৷ বৈঠকৰ জৰিয়তে বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

প্ৰধানমন্ত্ৰী মোডীয়ে বাঘজানৰ ৰাইজক সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তৈলখাদ আৰু গেছকুপত সংঘটিত হ’ব পৰা দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞৰ দল গঠন কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰ'লিয়াম টেকন’লজি বিভাগৰ মজুত ব্যৱস্থাৰ উন্নীতকৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে চাওকঃ চীনৰ বিৰুদ্ধে মহানগৰীত ভাৰত ৰক্ষা মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.