ETV Bharat / state

ITI গুৱাহাটী চৌহদত গছপুলি ৰোপণ

author img

By

Published : May 10, 2022, 10:35 PM IST

ITI গুৱাহাটীৰ চৌহদত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ(Planting of saplings on campus of ITI Guwahati) । উপস্থিত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ।

planting of saplings on campus of iti guwahati
ITI গুৱাহাটী চৌহদত গছপুলি ৰোপণ

গুৱাহাটী ,১০ মে': অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে ৰাজ্যত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিবেশ সংৰক্ষণৰ সচেতনতা সৃষ্টিৰ বাবে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ বাবে আঁচনি গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ তত্ত্বাৱধানত খণ্ড বন বিষয়াৰ কাৰ্যালয়সমূহে বিগত দিনকেইটাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠান চৌহদত গছপুলি ৰোপণ কৰি আহিছে ।

planting of saplings on campus of iti guwahati
ITI গুৱাহাটী চৌহদত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ

ইয়াৰ অংশ হিচাপে কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত মংগলবাৰে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ITI চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়(Planting of saplings on campus of ITI Guwahati) । মহানিম আৰু বকুলৰ একোটাকৈ গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন বিভাগৰ মধ্য অসম চক্ৰৰ দায়িত্ববাহী অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ আৰু ITIৰ অধ্যক্ষ হিমানী পাঠকে ।

অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে ৰাজ্যত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিবেশ সংৰক্ষণৰ সচেতনতা সৃষ্টিৰ বাবে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ বাবে আঁচনি গ্ৰহণ কৰিছে

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ৰোহিণী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক জ্ঞান ৰঞ্জন দাস , গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা, কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া প্ৰহ্লাদ গায়ন, হেঙেৰাবাৰীৰ খণ্ড বন বিষয়া বিদ্যুৎ দাস, পাঞ্জাবাৰীৰ খণ্ড বন বিষয়া নিৰ্মল ডেকাকে ধৰি কেইবাগৰাকী বনকর্মীকে ধৰি ITI ৰ একাংশ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ বনকর্মী সকলে আই টি আই চৌহদত আমলখি, অৰ্জুন, জামু, ৰঙা চন্দন, বকুল, মহানিম, ভোমোৰাকে ধৰি ঔষধি আৰু গুৱাহাটীৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপ খোৱা থলুৱা প্ৰজাতিৰ ৫০ টা গছপুলি ৰোপণ কৰে ।

লগতে পঢ়ক: ইষ্টানবুলত অসমকন্যা লাভলিনাৰ আন এক অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.