গুৱাহাটী, ৭ আগষ্ট : প্ৰকৃততে কি চলিছে ব’ল ব’মৰ নামত ? ভক্তি নে নিচাযুক্ত দ্ৰব্য সেৱনৰ মেলাহে হৈছে ব’ল ব’মৰ নাম ! ব’ল ব’ম বুলিলে সঘনে বাতৰিৰ শিৰোনাম দখল কৰা বশিষ্ঠ মন্দিৰত ড্ৰাগছ, ভাং কিম্বা অন্য নিচাজাতীয় সামগ্ৰীৰ উপৰিও এইবাৰ উদ্ধাৰ হৈছে এটা পিষ্টল ৷ এই পিষ্টল উদ্ধাৰ হোৱাৰ পাচতে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচতে আৰক্ষীয়ে জব্দ কৰে পিষ্টলটো ৷
অৱশ্যে আৰক্ষীৰ পৰীক্ষণত বশিষ্ঠ মন্দিৰৰ পৰা উদ্ধাৰ কৰা পিষ্টলটো প্ৰকৃততে এটা লাইটাৰ বুলিহে ধৰা পৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিদিনাই বশিষ্ঠ মন্দিৰৰ প্ৰাংগনৰ পৰা উদ্ধাৰ কৰা হৈছে পিষ্টল সদৃশ লাইটৰ, ছুৰী, ডেগাৰ, ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ।
সমান্তৰালভাৱে প্ৰশাসনৰ বাধাকো নেওচি একাংশই উচ্চ স্বৰত বজাইছে সংগীত । লগতে একাংশ যুৱক-যুৱতীৰ উদ্দাম নৃত্যই মন্দিৰৰ আধ্যাত্মিকতা বিনষ্ট কৰিছে ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷ উল্লেখ্য যে, দেওবাৰে নিশাও আমিনগাঁৱৰ মধ্যবস্তীৰ এজন কিশোৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছ । এই কথা গম পাই স্থানীয় ৰাইজে ড্ৰাগছসহ কিশোৰজনক গতাই দিয়ে বশিষ্ঠ আৰক্ষীক ।
আনকি বিগত দেওবাৰেও (30 জুলাই) আটক কৰা হৈছিল ড্ৰাগছসহ যুৱকৰ এটা দলক ৷ এক কথাত ক’ব লাগিব যে, ব’ল ব’মৰ গইনা লৈ এতিয়া ড্ৰাগছৰ মুকলি বেহা আৰু ড্ৰাগছ, সুৰা, ভাং আদি সেৱনৰ স্থান হৈ পৰিছে বশিষ্ঠ মন্দিৰৰ প্ৰাংগন । বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই অতি শীঘ্ৰে প্ৰশাসনক এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ নহ’লে পূৰ্বৰে পৰা চলি অহা এই ব’ল ব’ম প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ দাবী জনায় বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিয়ে ৷
উল্লেখ্য যে, পূৰ্বতেও এনে ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈছিল ৷ তথাপিতো আৰক্ষীৰ ফালৰ পৰা কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ স্থিতিৰ সন্দৰ্ভতো উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷
লগতে পঢ়ক : Operation against Drugs: বশিষ্ঠত ড্ৰাগছসহ আটক ব’ল বমলৈ অহা যুৱক