ETV Bharat / state

ৰূপজ্যোতি কুৰ্মী এক সম্পদ: পীযুষ হাজৰিকা - ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ

চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগ ৷ বিধায়কগৰাকীৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি আখ্যা দিলে হাজৰিকাই ৷

pijush hazarika on rupjyoti kurmi
ৰূপজ্যোতি কুৰ্মী এক সম্পদ: পীযুষ হাজৰিকা
author img

By

Published : Jun 18, 2021, 2:10 PM IST

গুৱাহাটী, 18 জুন: "ৰূপজ্যোতি কুৰ্মী যিটো ৰাজনৈতিক দলত থাকিব, তেওঁ সেইটো ৰাজনৈতিক দলৰ বাবে সম্পদ । কাৰণ তেওঁ এজন যুঁজাৰু নেতা । তেওঁ কথা ক'বলৈ ভয় নকৰে" ৷ এই মন্তব্য সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । শুকুৰবাৰে বিধানসভা সচিবালয়ত ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰিবলৈ আহি উপস্থিত হোৱাৰে পৰা তেওঁক সংগ দিয়া দেখা যায় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক জয়ন্তমল্ল বৰুৱাক ৷

ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি আখ্যা

পীযুষ হাজৰিকাই কয় যে, ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ আচলতে কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি । সেই কথা কংগ্ৰেছ নেতৃত্বই মানি লওক বা নলওক । বৰং তেওঁ যি দলত থাকিব, সেই দলৰ বাবে তেওঁ সম্পদস্বৰূপ হব বুলিও মন্তব্য কৰে হাজৰিকাই ।

ইজনৰ পাচত সিজনকৈ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাচত কংগ্ৰেছ থাকিবগৈনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত পীযুষ হাজৰিকাই কয় যে, কংগ্ৰেছত শেষলৈকে এনে দুই এজন লোক হয়তো ৰৈ যাব যিসকলক আন কোনো দলে গ্ৰহণ নকৰে ।

উল্লেখ্যে যে, শুকুৰবাৰে, বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰি বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ৷ তেওঁ কয় যে, কংগ্ৰেছত মাত্ৰ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ ৰাজত্ব চলিছে । চাৰিবাৰকৈ বিধায়ক হিচাপে বিজয়ী হোৱাৰ পাচতো তেওঁক গুৰুত্বহীন কৰি ৰখা হৈছে কংগ্ৰেছ দলত । তেওঁ বিৰোধী দলপতি নাইবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিম্বা বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষৰ পদ বিচাৰিছিল যদিও কংগ্ৰেছে নিদিলে বুলি কয় ।

সোমবাৰে লখিমপুৰত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব বুলি জানিবলৈ দি কুৰ্মীয়ে ৰিপুন বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.