ETV Bharat / state

নিচামুক্তি কেন্দ্ৰক নিৰ্দেশনা মানিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Sep 3, 2022, 6:45 PM IST

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত প্ৰয়োজনীয় সকলো সুবিধা ৰাখি, চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি নিয়াৰীকৈ চলাই নিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাৰ । পৰ্যালোচনা সভাত(Review meeting of Rehab Centre) তেওঁ এই নীতি-নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰে । এই নিৰ্দেশ অনুসৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ লগতে স্বাস্থ্য বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ অধীনত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে ।

Review meeting of Rehab Centre
নিচামুক্তি কেন্দ্ৰক নিৰ্দেশনা মানিবলৈ আহ্বান মন্ত্ৰী পিযুষ হাজৰিকাৰ

গুৱাহাটী ,৩ছেপ্টেম্বৰ: গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ (Rehab Centre in Guwahati)স্বত্বাধিকাৰী সকলৰ সৈতে জনতা ভৱনত শনিবাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এখন পৰ্যালোচনা সভাত (Review meeting of Rehab Centre)অংশগ্ৰহণ কৰে । স্বাস্থ্য,অসম আৰক্ষী,মহানগৰ প্ৰশাসনৰ বিষয়-ববীয়াৰ উপস্থিতিত থকা পৰ্যালোচনা সভাত মন্ত্ৰী হাজৰিকাই সম্বোধন কৰি সকলো নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীক তেওঁলোকৰ কেন্দ্ৰত সমূহ আৱাসী সকলৰ প্ৰয়োজনীয় সকলো সুবিধা ৰাখি,চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি নিয়াৰীকৈ চলাই নিবলৈ আহ্বান জনায় ।

উক্ত কেন্দ্ৰ সমূহ আৱাসী সকলৰ বাবে অনুকূলন কৈ গঢ় দিয়াৰ লগতে বিজ্ঞানসন্মত তথা উন্নতমানৰ হিচাবে গঢ়ি তুলিবলৈ মন্ত্ৰী হাজৰিকাই(Minister Pijush Hazarika reviewed on Rehab Centre ) আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ তৰফৰ পৰা কেন্দ্ৰ সমূহ চলাই নিয়াৰ অৰ্থে এখনি নতুন এছ অ'পি প্ৰস্তুত কৰিবলৈ ইতিমধ্যেই প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে ।

নীতি-নিৰ্দেশনা ভংগ কৰা কোনো কেন্দ্ৰকেই অনাগত দিনত চলি থাকিবলৈ দিয়া নহ'ব বুলি তেওঁ কয়( Pijush Hazarika ordered Rehab Centre to follow SOP)। এইক্ষেত্ৰত চৰকাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বলৈ বদ্ধপৰিকৰ হ'ব বুলি তেওঁ সকীয়াই দিয়ে । উক্ত সভাত মন্ত্ৰী হাজৰিকাই পুনৰ কয় যে কেন্দ্ৰ সমূহৰ ২০০ বৰ্গ ফুটৰ কোঠা এটাত ৪ জনকৈ বেছি মানুহ থাকিব নোৱাৰিব । এটা শৌচাগাৰ ৭ জনকৈ বেছি মানুহে ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি স্বাস্থ্য পৰীক্ষা আৰু খোৱা লোৱা সময় মতে হ'ব লাগিব ।

সভাখনত কেন্দ্ৰ সমূহ পঞ্জীয়নৰ নতুন নিয়ম কৰা হয় । এই কেন্দ্ৰ সমূহ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ(Department of Social Justice and Empowerment)লগতে স্বাস্থ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ অধীনত পঞ্জীয়ন(Compulsory of Registration under GMC)কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে ।

উল্লেখ্য যে গুৱাহাটীত ৬৪ টা নিচামুক্তি কেন্দ্ৰ আছে । এই পৰ্যালোচনা সভাত বিধায়ক জিতু গোস্বামী, ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষ মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোহাঞি,সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত মুকেশ চন্দ্ৰ চাহু, বিভাগটোৰ সঞ্চালক, স্বাস্থ্য বিভাগৰ সচিব, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, অসম আৰক্ষীৰ উপ-আয়ুক্ত সহিতে বিষয়াবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.