সোণাপুৰ, 25 মাৰ্চঃ সোমবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযূষ হাজৰিকাই সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিচত বুধবাৰে, পুনৰ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সৈতে চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ কৰ'ণা ভাইৰাছক আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে সোণাপুৰ জিলা চিকিৎসালয় খনত জৰুৰীকালীনভাৱে ১৫০খন বিচনা যুক্ত চিকিৎসালয় বিচাপে সাজু কৰি তুলিছে ৷
লগতে পঢ়কঃ স্বাগত হাস্পতালত চিকিৎক আৰু স্বাস্থ্যকৰ্মীক ক্লৰ'কুইন প্ৰদান !