ETV Bharat / state

গুৱাহাটীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক - himanta biswa sharma

গুৱাহাটী পালেহি বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ একাংশ লোক ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে সৰুসজাইলৈ অনা হৈছে লোকসকলক ৷

people living in outer state of Assam
people living in outer state of Assam
author img

By

Published : May 7, 2020, 2:23 PM IST

গুৱাহাটী, 7 মে' : বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা একাংশ অসমৰ লোক । প্ৰায় 15 খন গাড়ীৰে আহিছে লোকসকল । তেওঁলোকক পোনে পোনে লৈ যোৱা হৈছে সৰুসজাইলৈ । তাতেই লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । সৰু সৰু বাহনেৰে প্ৰায় 76 জন লোক আহিছে সৰুসজাইলৈ ।

ইফালে সৰুসজাইত চিকিৎসাকৰ্মীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু। যিসকল লোক বাহিৰৰ পৰা আহিব তেওঁলোকক পৰীক্ষা কৰাৰ পাচত কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হ'ব নে ঘৰলৈ যাবলৈ দিয়া হ'ব সেই বিষয়ে পৰ্যালোচনা কৰিছে উপায়ুক্তগৰাকীয়ে । যদিহে বাহিৰৰ পৰা অহা লোকসকলৰ শৰীৰত কোনো লক্ষণ ধৰা পৰে তেন্তে তেওঁলোকক সৰুসজাইতে কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ।

গুৱাহাটীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক

আনহাতে সৰুসজাইত উপস্থিত হৈ সকলো দিশ তদাৰক কৰি আছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই । জানিব পৰা মতে, গুজৰাটৰ পৰাও আহিব তিনিখনকৈ বাছ । প্ৰায় 104 গৰাকীকৈ শিক্ষাৰ্থী আহিব এই বাছেৰে।

লগতে পঢ়ক : অনিশ্চয়তাত ৰাজ্যত ১৯ খন কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.