গুৱাহাটী,19 মাৰ্চঃ প্ৰতিখন দেশৰ চৰকাৰে এতিয়া ব্য়স্ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাত ৷ কোভিদ-১৯ বা কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ষ্টেজ 2 ত আছে ভাৰতবৰ্ষ । ভাৰতবৰ্ষত যাতে এই ভাইৰাছ ষ্টেজ 2 ৰ পৰা আগুৱাই যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে কেইবাটাও সুৰক্ষামূলক ব্যৱস্থা । সমান্তৰালকৈ ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠান,ছবিগৃহ,ৰেষ্টুৰেণ্ট,পার্ক বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ৰাইজক সকলো ধৰণৰ গণ সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ পৰা নিজৰ লগতে আনক কিদৰে ৰক্ষা কৰিব পাৰি সকলোৱে জ্ঞাত ৷ কিন্তু ইয়াৰ মাজতো সমাজত এনে কিছু লোক আছে যিসকলে ভাইৰাছবিধৰ বিপক্ষে গ্ৰহণ কৰিবলগীয়া সুৰক্ষা সন্দৰ্ভত সজাগ নহয়। কোভিদ-১৯ প্ৰতিৰোধৰ বাবে সজাগতা আৰু সুৰক্ষামূলক ব্যৱস্থায়ে একমাত্ৰ অস্ত্ৰ ৷ এনে ক্ষেত্ৰত একাংশ মানুহ সজাগ নোহোৱাতো চিন্তনীয় বিষয়।
![people awareness about corona virus guwahati kamrup metro assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-people-awareness-about-corona-virus-visbite-7201051_19032020092654_1903f_00186_738.jpg)
বৰ্তমানলৈকে অসমত কোভিদ ১৯ ত আক্রান্ত এজনো লোকৰ চিনাক্তকৰণ হোৱা নাই ৷ ৰাজ্য চৰকাৰে অসমত যাতে এই ভাইৰাছবিধ সংক্ৰমণ হ’ব নোৱাৰে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। কিন্তু ৰাজ্য চৰকাৰে ভাইৰাছবিধৰ সংক্ৰমণ ৰোধৰ তুলনাত ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পিছুৱাই থকা যেন পৰিলক্ষিত হৈছে ।
লগতে চাওকঃদণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ