গুৱাহাটী, 28 জানুৱাৰীঃ কেতিয়াও হাৰ নমনা,নিজৰ কৰ্মত অটল থকা এইগৰাকী ডঃ কুশল কোঁৱৰ শৰ্মা ৷ হাতীৰ চিকিৎসক হিচাপে জনাজাত ডাঃ কুশল কোঁৱৰ শৰ্মালৈ শেহতীয়াকৈ ভাৰত চৰকাৰে আগবঢ়াইছে সন্মানীয় ২০২০ বর্ষৰ পদ্মশ্ৰী সন্মান। বন্যপ্ৰাণী সংৰক্ষণ বিশেষকৈ এছিয়ান হাতী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ শৰ্মালৈ পদ্মশ্ৰী সন্মান যঁচা হৈছে ৷
![PDMA SHREE AWARDEE DR KUSHAL KUNOWER SARMAH THE UNTOLD STORY ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5869526_drrrr.jpg)
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎস্যক ডাঃ কুশল কোঁৱৰ শৰ্মাই বিশেষকৈ এছিয়ান হাতী সংৰক্ষণৰ ক্ষেত্ৰত বিগত তিনিটা দশক ধৰি আগবঢ়াই আহিছে বিশেষ অৱদান ৷
হাতীৰ চিকিৎস্যক হিচাপে জনাজাত ডাঃ কুশল কোঁৱৰ শৰ্মাই প্ৰতিবছৰে ৭০০ৰ পৰা ৮০০টা বনৰীয়া আৰু ঘৰচীয়া হাতীক চিকিৎসা প্ৰদান কৰি আহিছে। হাতীৰ সমান্তৰালভাৱে ডাঃ শৰ্মা অন্যান্য বন্যপ্ৰাণী সমূহকো চিকিৎসা প্ৰদান কৰি আহিছে।
![PDMA SHREE AWARDEE DR KUSHAL KUNOWER SARMAH THE UNTOLD STORY ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5869526_zsdfvgzsdtr.jpg)
বন্যপ্ৰাণীৰ চিকিৎসাৰ লগতে ডাঃ শৰ্মাৰ আছে আন এক পৰিচয় ৷ এসময়ত এশিঙীয়া গঁড়ৰ বিচৰণস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা শূণ্য হৈ পৰাত উদ্যানখনত ৰাজ্যৰ অন্যান্য উদ্যান আৰু অভয়াৰণ্যৰ পৰা গঁড় স্থানান্তৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ সংখ্যা বৃদ্ধি কৰাৰ আঁৰৰ মূল ব্যক্তিগৰাকীয়েই হৈছে ডাঃ কুশল কোঁৱৰ শৰ্মা।
বন্যপ্ৰাণী চিকিৎসাৰ ক্ষেত্ৰত পশু চিকিৎস্যক এগৰাকীয়ে কিছু অসুবিধাৰ সন্মুখীন হ'বলগা হয় যদিও বলিয়া হাতী এটা বশ কৰাটো অতিকৈ কঠিন কাম বুলি জানিবলৈ দিয়ে। বলিয়া হাতী বশ কৰাটো যদিও এক বৃহৎ প্ৰত্যাহ্বান এই ক্ষেত্ৰত কিন্তু ডাঃ কুশল কোঁৱৰ শৰ্মাৰ আছে বিশ্ব অভিলেখ। ডাঃ শৰ্মাই বৰ্তমানলৈকে ১৩৯টা বলিয়া হাতীক বশ কৰি চিকিৎসা প্ৰদান কৰি বিশ্ব অভিলেখ গঢ়িছে। বলিয়া হাতীক বশ কৰিবলৈ গৈ কেইবাবাৰো মৃত্যুৰ মুখামুখি হ'বলগীয়া হোৱা ডাঃ শৰ্মাৰ সন্মুখতে বলিয়া হাতীয়ে তেওঁৰ ভনী জোঁৱাইক হত্যা কৰিছিল। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ডাঃ শৰ্মাই বৰ্তমানেও অব্যহত ৰাখিছে বন্যপ্ৰাণীৰ সেৱা।
লগতে চাওকঃঅসমীয়া ভাষাৰ প্ৰসাৰৰ দাবীত সদৌ অসম উন্নয়ন পৰিষদৰ সংবাদমেল