ETV Bharat / state

United Opposition Forum Assam : নিৰ্বাচনৰ পূৰ্বে বিঘ্নিত হ’ব নেকি বিৰোধী ঐক্য

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:24 PM IST

Updated : Oct 20, 2023, 6:37 PM IST

প্ৰদেশ কংগ্ৰেছৰ ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী ঐক্যত প্ৰতিক্ৰিয়া । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা বিৰোধী দলসমূহেও প্ৰস্তুত কৰিছে প্ৰাৰ্থী তালিকা । মিত্ৰদলক এখনতকৈ বেছি আসন দিয়াৰ পক্ষপাতি নহয় কংগ্ৰেছ । তৃণমূল কংগ্ৰেছে বিচাৰিব পাঁচখন আসন । প্ৰাৰ্থীত্বক লৈ কংগ্ৰেছ দলতে আৰম্ভ হৈছে যুঁজ-বাগৰ । সাম্প্ৰতিক পৰিস্থিতিত বিৰোধী ঐক্যমঞ্চ বিঘ্নিত হোৱাৰ সম্ভাৱনা ।

United Opposition Forum Assam
বিৰোধী ঐক্য বিঘ্নিত হোৱাৰ সম্ভাৱনা

গুৱাহাটী, ২০ অক্টোবৰ : বিজেপিক শাসনৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভণিৰ পৰাই সমন্বয়ৰ অভাৱ পৰিলক্ষিত হৈছে । বিভিন্ন সময়ত বিৰোধী ঐক্যমঞ্চত বিতৰ্কৰ সূচনা হোৱা দেখা গৈছে । বিজেপিৰে যুঁজিবলৈ বাৰটাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে । কিন্তু এই ঐক্যবদ্ধতাৰ মাজত একতাৰ অভাৱ ঘটিছে ।

শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পাছতে বিৰোধী ঐক্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই তালিকাখনক লৈ অজ্ঞতা প্ৰকাশ কৰিছে যদিও বিৰোধী ঐক্যৰ দলসমূহ আশ্বস্ত হ'ব পৰা নাই । তাৰ মাজতে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ‘‘আমি ১৪ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিম’’ বুলি কোৱাত বিৰোধী ঐক্যত পুনৰ জোকাৰণিৰ সৃষ্টি হৈছে । অৱশ্যে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে 'আমি' মানে বিৰোধী ঐক্য মঞ্চৰ কথা কোৱা হৈছে । কিন্তু কংগ্ৰেছৰ এনে গতিবিধিক লৈ বিৰোধী ঐক্যৰ দলসমূহৰ মাজত সন্দেহৰ বাতাবৰণ গঢ় লৈ উঠিছে ।

বিৰোধী ঐক্যৰ অংশীদাৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এইক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা স্পষ্ট মতামত বিচৰাৰ লগতে বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে৷ যাতে আসনৰ প্ৰসংগত আলোচনা হয় আৰু বিৰোধী ঐক্যত কোনোধৰণৰ সন্দেহৰ বাতাবৰণ নাথাকে । কিন্তু বৰ্তমান সময়ত এটাৰ পাছত আনটো 'অভিযান'ক লৈ ব্যস্ত হৈ আছে প্ৰদেশ কংগ্ৰেছ ।

কংগ্ৰেছৰ এনে স্থিতিৰ বিপৰীতে বিৰোধী ঐক্যত থকা দলসমূহেও আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে । বিশেষকৈ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ এখন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ পাছতেই বিৰোধী দলসমূহেও নিজা নিজা প্ৰার্থী তালিকা প্ৰস্তুত কৰি উলিয়াইছে ।

জানিব পৰা মতে শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোক লৈ বিৰোধী ঐক্যমঞ্চৰ দলসমূহৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । খবৰ অনুসৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপনেৰে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা চি পি আই (এম) আৰু ৰাইজৰ দলে এটাকৈ সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে চিন্তা-চৰ্চা কৰিছে । ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে কেইবাখনো আসনত প্ৰার্থী থিয় কৰোৱাৰ বাবে তালিকা প্ৰস্তুত কৰি উলিয়াইছে ।

লক্ষণীয় বিষয় যে তৃণমূল কংগ্ৰেছে পাঁচখন আসন বিচৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । ইফালে চি পি আই (এম) দলে বৰপেটা সমষ্টিত প্ৰার্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈ এই সন্দৰ্ভত অসমৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্ৰেছী নেতা জিতেন্দ্ৰ সিঙকো সাক্ষাৎ কৰিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিটো বিচাৰিছে । আনকি যোৰহাটত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিজেই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে চিন্তা কৰিছে । সেইদৰে অসম জাতীয় পৰিষদে ডিব্ৰুগড়, লখিমপুৰ আৰু বৰপেটা সমষ্টিত, আম-আদমী পাৰ্টীয়ে তিনিৰ পৰা পাঁচটা সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে তালিকা প্ৰস্তুত কৰিছে ।

অৱশ্যে জাতীয় পৰিষদে শেষত ডিব্ৰুগড় সমষ্টিটোক লৈ বাকী সমষ্টিসমূহ মিত্ৰদলক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে । যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী দলসমূহৰ ঐক্যমঞ্চ ‘ইণ্ডিয়া’ গঠন হৈছে, সেয়েহে ‘ইণ্ডিয়া'ত অন্তর্ভুক্ত হোৱা দলসমূহে প্ৰতিখন ৰাজ্যৰ পৰা লোকসভা সমষ্টি সন্দৰ্ভত তালিকা বিচাৰিছে । উক্ত তালিকাৰ ভিত্তিতহে সৰ্বভাৰতীয় পর্যায়ত আসন ভাগ-বাটোৰোৱা হ'ব । কংগ্ৰেছৰএটা শীৰ্ষ সূত্ৰৰ মতে ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে বিৰোধী দলৰ প্ৰতিটোকে এটাতকৈ অধিক সমষ্টি প্ৰদান নকৰে । অৱশ্যে লোকসভাত সমষ্টি নিদি বিধানসভা নিৰ্বাচনত সমষ্টি প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব দিব কংগ্ৰেছে । বিগ ব্ৰাদাৰ হিচাবে এই ক্ষেত্ৰত কংগ্ৰেছে সিদ্ধান্ত লোৱাৰ সুবিধা লাভ কৰিব । এনে পৰিস্থিতিত সমষ্টিৰ ভাগ-বাটোৱাৰাক লৈ দলকেইটাৰ মাজত অনাগত সময়ত খোৱা-কামোৰা লগাৰ সম্ভাৱনা আছে ।

ইফালে কংগ্ৰেছৰ নিজৰ মাজতো সমষ্টিক লৈ যুঁজ-বাগৰ আৰম্ভ হৈছে । বিশেষকৈ নগাঁৱৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলাৰ পাছতেই নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিছে যে তেওঁ নগাঁও সমষ্টি এৰি নিদিয়ে । নগাঁৱতেই তেওঁৰ ঘৰ । নগাঁৱৰেই তেওঁ সাংসদ । গতিকে তেওঁ নগাঁৱৰ পৰাই পুনৰ প্ৰাৰ্থীত্ব বিচাৰিব৷ এনে পৰিস্থিতিত নগাঁও সমষ্টিক লৈ অনাগত দিনত কংগ্ৰেছৰ মাজত সংঘাত লগাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

ইফালে বিৰোধী দলৰ মাজত লগা এই সংঘাতৰ পূৰ্ণ সুবিধা ল’বলৈ উঠি-পৰি লাগিছে বিজেপি । কংগ্ৰেছৰ নিজৰ মাজত আৰু বিৰোধীৰ ঐক্যত বৰ্তমান সময়ত দেখা দিয়া জটিলতা ভৱিষ্যতে আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত বিৰোধী ঐক্য বিঘ্নিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক : Bhupen Borah : বাগিচাই-বাগিচাই, চাঙে-চাঙেৰ পাছত কংগ্ৰেছত লয়েল্টি টেষ্ট

Last Updated : Oct 20, 2023, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.