গুৱাহাটী, 18 অক্টোবৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ থলুৱা বিৰোধী নীতিত জ্বলিছে অসম। শেহতীয়াকৈ লামডিং ডিভিজনৰ কেইবাটাও খালী পদৰ নিযুক্তিৰ বাবে বহিঃৰাজ্যৰ প্ৰাৰ্থীক প্ৰধান্য দিয়াৰ অভিযোগ উত্তৰ পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষৰ বিৰুদ্ধে। এই সন্দৰ্ভত জাঙুৰ খাই উঠিছে অসম সাহিত্য সভা। উত্তৰ-পূব সীমান্ত ৰে'লৱেত ৭০-৮০ শতাংশ থলুৱা নিযুক্তিৰ দাবী অসম সাহিত্য সভাৰ। এই সন্দৰ্ভত অসম সাহিত্য সভাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰদানৰ ব্যৱস্থাৰ কৰাৰ কথা জানিবলৈ দিয়ে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।
ইয়াৰোপৰি ৰে'ল মন্ত্ৰী আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষক থলুৱা বিৰোধী নীতি পৰিহাৰ নকৰিলে পৰিস্থিতি বিষম হ'ব বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। ইফালে উত্তৰ-পূব সীমান্ত ৰে'লৱেত অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈও ৰে'ল বিভাগক সকীয়াই দিলে সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। অনা অসমীয়া বিষয়াসকলক অসমীয়া ভাষা শিকোৱাৰ বাবেও অসম সাহিত্য সভাই উদ্যোগ ল'ব বুলিও জনাই ড০ ৰাজবংশীয়ে।