গুৱাহাটী,২৪ ফেব্ৰুৱাৰী : "দ্যা ইকনমিকছ টাইমচ"ৰ সাংবাদিক শান্তনু নন্দন শৰ্মালৈ ২০১৯ বৰ্ষৰ পৰাগ কুমাৰ দাস সোঁৱৰণী বঁটা ।মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত দেওবাৰে শান্তনু নন্দন শৰ্মাক প্ৰদান কৰা হয় এই বঁটা ।
পৰাগ কুমাৰ দাস ন্যাসৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সাংবাদিকগৰাকীক বঁটা প্ৰদান কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই । অনুষ্ঠানত বঁটা গ্ৰহণ কৰি পঢ়ুৱৈসকললৈ এই বঁটা উছৰ্গা কৰা বুলি মন্তব্য কৰে শান্তনু নন্দন শৰ্মাই ।
উল্লেখ্য যে,বিগত দুটা দশক ধৰি দিল্লীত অসম সন্তান শান্তনু শৰ্মাই একেধাৰে সাংবাদিকতা কৰি আহিছে । ২০০২ বৰ্ষতে "দ্যা ইকনমিকছ টাইমছ"ত যোগদান কৰা শৰ্মাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত গৈ অনুসন্ধানমূলক বাতৰি পৰিবেশন কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।