গুৱাহাটী,১২ এপ্ৰিলঃ মালিগাঁৱৰ বৰিপাৰাত চাঞ্চল্যকৰ ঘটনা। ডিঙিত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ। শুকুৰবাৰে মহানগৰীৰ বৰিপাৰাত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ হয় বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পম্পী বৰা নামৰ এগৰাকী ছাত্ৰী । ইফালে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ পৰিয়ালবৰ্গৰ ।
পৰিয়ালবৰ্গই জনোৱা মতে, ছাত্ৰ গৰাকীৰ দীর্ঘদিনৰ পৰা শিৱ ৰায় নামৰ এজন যুৱকৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক । বৃহস্পতিবাৰে দুয়োৰে মাজত কিবা কথাত বাক-বিতণ্ডা হোৱাৰ বাবেই আত্মহত্যা কৰে ছাত্ৰগৰাকীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । অৱশ্যে তদন্তৰ পাছতেহ পোহৰলৈ আহিব আত্মহত্যাৰ ৰহস্য ।