ETV Bharat / state

পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Oct 13, 2020, 4:27 PM IST

জালুকবাৰী আৰক্ষীৰ জালত পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাকাণ্ডৰে জড়িত ২ অভিযুক্ত। ধৃত অভিযুক্ত দুটা অজয় গোৱালা আৰু কৃষ্ণ তাঁতী। ওৰাঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।

পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ
পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৩ অক্টোবৰ: অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীৰ পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত অভিযুক্তক। ওৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত দুটা অজয় গোৱালা আৰু কৃষ্ণ তাঁতী। এতিয়াও পলাতক মূল অভিযুক্ত ছামাৰো মুণ্ডা। আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সন্দৰ্ভত স্বীকাৰোক্তি দিছে অজয় গোৱালা আৰু কৃষ্ণ তাঁতীয়ে। ধৃত অজয় আৰু কৃষ্ণৰ স্বীকাৰোক্তিৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে হত্যাকাৰী ছামাৰোৰ অনুসন্ধান আৰম্ভ কৰিছে। যোৱা ২ অক্টোবৰত পাণ্ডুৰ লক কল'নীত ছামাৰো মুণ্ডাই বাঁহেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰিছিল বিকি সূত্ৰধৰক। শীঘ্ৰেই হত্যাকাৰী আৰক্ষীৰ জালত পৰিব বুলি প্ৰকাশ কৰে জালুকবাৰীৰ এ চি পি জ্যোতিপ্ৰসাদ পেগুৱে।

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণ নকৰিলে চৰম সিদ্ধান্ত গ্ৰহণৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.