ETV Bharat / state

পাণ্ডু বিসৰ্জন ঘাটত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 28, 2020, 7:50 AM IST

মঙলবাৰে নিশা পাণ্ডু ঘাটৰ প্ৰতিমা বিসৰ্জনস্থলীত উত্তপ্ত পৰিস্থিতি ৷ পাণ্ডু ইনষ্টিটিউট কলনী পূজা কমিটী আৰু বিসৰ্জন কমিটীৰ এগৰাকী বিষয়ববীয়াৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি ৷ অৱশ্যে আৰক্ষী আৰু স্বেচ্ছাসেৱকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

pandu immersion halla in Guwahati
পাণ্ডু বিসৰ্জন ঘাটত উত্তপ্ত পৰিস্থিতি

গুৱাহাটী,28 অক্টোবৰ : মঙলবাৰে নিশা 9 বজাত সমাপ্ত হয় পাণ্ডু ঘাটৰ দ্বিতীয় দিনৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী । কিন্তু অন্তিম পৰ্যায়ত হঠাৎ উত্তপ্ত হৈ পৰে পাণ্ডু বিসৰ্জন ঘাট। পাণ্ডু ইনষ্টিটিউট কলনী পূজা কমিটী আৰু বিসৰ্জন কমিটীৰ এগৰাকী বিষয়ববীয়াৰে বাক-বিতণ্ডাৰ সৃষ্টি হয় ।

pandu immersion halla in Guwahati
পাণ্ডু বিসৰ্জন ঘাটত উত্তপ্ত পৰিস্থিতি

প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি মতানক্য হয় দুয়োটা ফৈদৰ মাজত,যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিসৰ্জনস্থলীত । অৱশ্যে আৰক্ষী আৰু স্বেচ্ছাসেৱকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা বুলি জানিব পৰা যায় ৷

ইফালে মঙলবাৰে 26 খন পূজা কমিটীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় ঘাটটোত । মা দুৰ্গাক বিদায় দিয়াৰ সময়ছোৱাত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে বিসৰ্জনস্থলী । সকলোৱে নাচি-বাগি বিদায় দিয়ে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক। উল্লেখ্য যে,প্ৰতিবছৰৰ দৰে এইবাৰো দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল প্ৰতিমা বিসৰ্জন কাৰ্যসূচী । এইবেলি দুটা দিনত প্ৰায় 90 টাকৈ প্ৰতিমা বিসৰ্জন দিয়া হয় মহানগৰীৰ পাণ্ডু ঘাটত ।

লগতে পঢ়ক : বিজেপিক প্ৰত্যাহ্বান জনাই কাৰ্বি আংলঙত ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.