নিউজ ডেস্ক, 11 ডিচেম্বৰ: বুধবাৰে জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। কেবৰ বিৰোধিতাৰে জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত বহি পৰিল পাণ্ডো মহাবিদ্যালয়ৰ ছাত্ৰসমাজ ৷ প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা চলাই যদিও আৰক্ষীৰ বাধাকো নেওচি শৰাইঘাটলৈ আগবাঢ়ে সমদলটো ৷ সমান্তৰালকৈ বুধবাৰে উত্তপ্ত হৈ পৰিল ধেমাজী আৰু গোলাঘাট জিলা ৷ স্বতস্ফূতভাৱে প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰিল সমৰ ধেমাজি চহৰ। কেবৰ বিৰোধিতাৰে ওলাই আহিল দল সংগঠনৰ লগতে পুৰুষ মহিলা । বিশাল সমদল উলিয়াই ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ঘাই পথত অৱস্থান কৰি সাৱ্যস্ত কৰে প্ৰতিবাদ ।
আনহাতে মৰিয়ণীৰ পৰা ওলাই আহিল মূলাগাভৰু ৷ বিধেয়কৰ বিৰুদ্ধে মৰিয়নীৰ খৰিকতীয়ৰ সমীপৰ ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীয়ে । বৃহত্তৰ খৰিকতীয় বাসী ৰাইজৰ সহযোগত ৰাজপথ ভীৰ কৰে শতাধিক পুৰুষ মহিলাই। আজি ৰাজ্যসভাত CAB গৃহীত হ'লে হাতত হেংদাং হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে মৰিয়ণীৰ মহিলাই ।