ETV Bharat / state

আলফাৰ নাম লৈ পঞ্চায়ত প্ৰতিনিধিক হত্যাৰ ভাবুকি বিজেপি নেতাৰ

author img

By

Published : Oct 10, 2021, 6:54 PM IST

আলফাৰ নাম লৈ এজন উদণ্ড যুৱকে মহানগৰীৰ আমচিং গাঁও পঞ্চায়তৰ এগৰাকী প্ৰতিনিধিক হত্যাৰ ভাবুকি দিয়া ঘটনাক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত অভিযুক্ত ৰুবুল শইকীয়া বৰ্তমান পলাতক হৈ আছে ।

আলফাৰ নাম লৈ পঞ্চায়ত প্ৰতিনিধিক হত্যাৰ ভাবুকি

গুৱাহাটী, ১০ অক্টোবৰ : মহানগৰীৰ পাৰ্শ্বৱৰ্তী আমচিংত আলফাৰ নাম লৈ এগৰাকী পঞ্চায়ত প্ৰতিনিধিক হত্যাৰ ভাবুকি দি বিপদত পৰিছে বিজেপিৰ এগৰাকী নেতা । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰুক্মিণী কলিতাই যোৱা ২৭ ছেপ্টেম্বৰত মহানগৰীৰ সাতগাঁও থানাত এটা গোচৰ ৰুজু কৰাৰ পিছতো আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই বিজেপি নেতাগৰাকীক ।

জানিবপৰা মতে, গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আত্মগোপন কৰি আছে কৰিছে চন্দ্ৰপুৰ বিজেপি মণ্ডলৰ সম্পাদক ৰুবুল শইকীয়াই । উল্লেখযোগ্য যে, আমচিং গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ সদস্য তথা সাতগাঁও তালতলাৰ বাসিন্দা ৰুক্মিণী কলিতাই পঞ্চায়তৰ অধীনত ৱাৰ্ডটোৰ বাট পথৰ নিৰ্মাণৰ কাম কৰি আছিল ।

একে অঞ্চলৰ বাসিন্দা তথা বিজেপি নেতা ৰুবুল শইকীয়াই নিজকে আলফাৰ সক্ৰিয় সদস্য বুলি দাবী কৰি ৱাৰ্ড সদস্য ৰুক্মিণী শইকীয়াক বাট পথ নিৰ্মাণৰ ঠিকা তেওঁক দিবলৈ দাবী জনায় । কিন্তু পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে সেই কথাত অমান্তি হোৱাত ক্ষুব্ধ ৰুবুল শইকীয়াই তালতলা গাঁওৰ ৰাজহুৱা পথৰ এখন পকী ফলক ভাঙি পেলোৱাৰ লগতে পঞ্চায়ত প্ৰতিনিধি ৰুক্মিণী শইকীয়া আৰু তেওঁৰ স্বামী ৰবীন চন্দ্ৰ কলিতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ।

ইয়াতে ক্ষান্ত নাথাকি সাংসদ কুইন ওজাৰ গাড়ী চালক বুলি পৰিচয় দিয়া উদণ্ড ৰুবুল শইকীয়াই আমচিং গাঁও পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰাকো হত্যাৰ ভাবুকি প্ৰদান কৰে । বিজেপি নেতা গৰাকীৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰা ভুক্তভোগী ৰুক্মিণী কলিতাই অৱশেষত বিজেপি নেতা ৰুবুল শইকীয়াৰ বিৰুদ্ধে সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় । শেহতীয়াকৈ জানিব পৰা মতে ৰুবুল শইকীয়া নামৰ লোকজনে আদালতৰ পৰা অগ্ৰিম জামিন লাভ কৰিছে ।

লগতে পঢ়ক: চোৰাংচোৱা বিষয়া তপন ডেকাক কাশ্মীৰৰ দায়িত্ব অৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.