গুৱাহাটী, ৮ এপ্ৰিল: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ‘ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ’ৰ (State Employment Guarantee Council) এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা শুকুৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এমজিএনৰেগা) ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ।
সভাত মন্ত্ৰী দাসে এমজিএনৰেগাকে ধৰি বিভাগটোৰ অধীনত ৰূপায়িত সকলো আঁচনিৰে কাম-কাজসমূহ(Panchayat and rural development schemes) নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে বিভাগীয় বিষয়াসকলক এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে জবকার্ড ভেৰিফিকেচন, জি আই এছ বেছ প্লেনিং, জিঅ’ টেগিং, প্ৰজেক্ট উন্নতি, স্ব-নির্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম, জব কার্ড থকাসকলক কামৰ সুবিধা প্ৰদান, ছ'চিয়েল অডিট, মজুৰিৰ ধন সময়ত মুকলি কৰা আদি বিভিন্ন বিষয়ৰ ওপৰত বিভাগীয় বিষয়া আৰু পৰিষদৰ সদস্যসকলৰ সৈতে আলোচনা কৰে ।
বিভাগটোৱে এমজিএনৰেগাৰ অধীনত নতুনকৈ গ্ৰহণ কৰা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি বিশেষকৈ পুখুৰী খন্দা, চোম, অগৰ, চন্দন আদিৰ দৰে বৃক্ষ ৰোপণ আদিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত আলোচনা কৰে আৰু ইয়াক অধিক কার্যকৰী ৰূপত ৰূপায়ণ কৰাত গুৰুত্ব প্ৰদান কৰে । আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা অমৃত সৰোবৰ আঁচনিখন যাতে ৰাজ্যৰ সকলো জিলাতে কার্যকৰীভাৱে ৰূপায়ণ হয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবলৈ মন্ত্ৰী দাসে বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ।
চাহ বাগিছা এলেকাত এমজিএনৰেগাৰ অধীনত ৰূপায়িত কাম-কাজৰ বিষয়েও সভাত আলোচনা কৰা হয় । নিয়োগ সৃষ্টি আৰু আয় বৃদ্ধিৰ অধিক সুযোগ মুকলি কৰিব পৰা আঁচনিসমূহৰ ৰূপায়ণৰ গতি অধিক ত্বৰান্বিত কৰি তোলাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে সভাত গুৰুত্ব আৰোপ কৰে । মন্ত্ৰী দাসে ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ সভা তিনিমাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰে আৰু সভাত পৰিষদৰ পৰৱর্তী বৈঠক জুলাই মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা আৰু আয়ুক্ত বিক্ৰম কৈৰীয়ে এমজিএনৰেগাৰ অধীনত ৰূপায়িত কাম-কাজৰ এক আভাস সভাত দাঙি ধৰে ।
২০২২-২৩ বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিবলৈ গ্ৰহণ কৰা আঁচনিৰ বিষয়েও সভাত আলোচনা কৰা হয় । সভাত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ আৰিজ আহমেদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্ৰ শর্মা, অতিৰিক্ত সচিব এষ্ঠাৰ কাথাৰকে ধৰি ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ অন্যান্য সদস্যসকলে অংশ গ্ৰহণ কৰে ।
লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ঘোঁৰাত উঠিল আৰ পি শৰ্মা