গুৱাহাটী,19 ডিচেম্বৰঃচৰকাৰী চাকৰিৰ নামত নিবনুৱা হৈ হাত সাৱটি নাথাকি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল সোণাপুৰ মাৰকাঙত কমলা খেতি কৰি স্বাৱলম্বী হৈছে গোপেশ তেৰণ নামৰ এজন অসমীয়া যুৱক ৷ এসময়ত সোণাপুৰ কমলা খেতিৰ বাবে সমগ্ৰ উত্তৰ পূৱত বিখ্যাত আছিল যদিও বৰ্তমান সোণাপুৰৰ কমলা খেতিয়কে ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱাৰ পাছত কমলা উৎপাদনৰ হাৰ যথেষ্ট কমিছে ৷ অচিন ৰোগৰ ফলত ক্ৰমাণ্বয়ে এজোপা দুজোপাকৈ মৰি গৈ আছে কমলা গছবোৰ ৷ এইখিনিতে উল্লেখনীয় যে, ডিগাৰুৰ এয়াৰ ফৰ্চ ষ্টেচন উদ্বোধনীৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক সম্বৰ্ধনা জনাবৰ বাবে সোণাপুৰৰ কৃষকে কমলাৰে নিৰ্মাণ কৰিছিল মুখ্য তোৰণখন ৷ কিন্তু এতিয়া গোপেশ তেৰণৰ দৰে কেৱল একাংশ কৃষকেহে বৰ্তাই ৰাখিছে এই কৃষি-কাৰ্য ৷ এই ক্ষেত্ৰত যদি অসম চৰকাৰৰ কৃষি বিভাগে গুৰুত্ব প্ৰদান কৰে, তেন্তে পুনৰ সোণাপুৰত পূৰ্বৰ দৰে কমলা উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সোণাপুৰৰ কৃষকে ৷
লগতে পঢ়কঃঅখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম