ETV Bharat / state

মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদনত বিৰোধীৰ প্ৰতিবাদ(Price rise of essential commodities) ৷ অধ্যক্ষৰ স্থিতিত ক্ষুব্ধ হৈ সদন ত্যাগ বিৰোধী বিধায়কৰ ।

author img

By

Published : Mar 28, 2022, 1:09 PM IST

opposition_adjonment_motion
মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা

গুৱাহাটী, ২৮ মাৰ্চ : অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে(Opposition protest over price rise in Assam Assembly) । বিধানসভাত প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতে বিৰোধী পক্ষই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এক সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে । কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঐক্যবদ্ধভাৱে এই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু হাতে হাতে প্লে' কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

Opposition walks out of Assam assembly over price rise
মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা

"বিজেপি চৰকাৰ হায় হায়", "মূল্যবৃদ্ধি ৰোধ কৰক" আদি শ্ল'গানেৰে বিৰোধীয়ে অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ জনালেও কিন্তু অধ্যক্ষই বিৰোধীৰ উক্ত সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে । অধ্যক্ষই সদনত কয় যে, নিয়ম অনুসৰি সভাস্থগিত প্ৰস্তাৱৰ জাননী বিৰোধীৰ ফালৰ পৰা লাভ কৰা হোৱা নাই । সদন আৰম্ভ হোৱাৰ কমেও এঘন্টা পূৰ্বে এইধৰণৰ সভা স্থগিত প্ৰস্তাৱৰ জাননী বিধানসভা সচিবালয়ে লাভ কৰিব লাগে যদিও বিৰোধীয়ে সেই সময় মানি চলি জাননী দিয়া নাছিল ।

অধ্যক্ষৰ এনে স্থিতিত ক্ষুব্ধ হৈ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে । পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি পেলাইছে । গতিকে কিদৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ উপায় উলিওৱাৰ প্ৰয়োজনীয়তা আছে । সেইবাবেই আজি সদনত এই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিব খোজা হৈছিল ।

মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা

কিন্তু অধ্যক্ষই ইয়াৰ অনুমতি নিদিলে । যাৰবাবে বিৰোধীয়ে সদন ত্যাগ কৰিবলৈ বাধ্য হ'ল । অধ্যক্ষই জাননী জমা দিয়াৰ যি সময়ৰ কথা কৈছে সেই অনুসৰিয়েই সদন আৰম্ভ হোৱাৰ কমেও এঘন্টা পূৰ্বে আজি পুৱা ৮ বজাত বিৰোধীৰ ফালৰ পৰা এই জাননী বিধানসভাৰ প্ৰধান সচিবৰ কাৰ্যালয়ত জমা দিয়া হৈছিল বুলিও স্পষ্ট কৰি দিয়ে বিৰোধী দলপতিগৰাকীয়ে ।

লগতে পঢ়ক : Petrol Diesel price hike: এসপ্তাহত ছবাৰ মূল্য বাঢ়িল পেট্ৰ’পণ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.