ETV Bharat / state

অংক মিলা নাই মহাজোঁটত: শীঘ্ৰেই বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী ঘোষণা - ৰাজ্যসভাৰ নিৰ্বাচনলৈ টঙালী বান্ধিছে কংগ্ৰেছ AIUDF য়ে

ৰাজ্যসভাৰ নিৰ্বাচনলৈ টঙালী বান্ধিছে কংগ্ৰেছ-AIUDF য়ে । আটাইকেউটা বিৰোধী দলৰে আলোচনা কৰাৰ পাছত প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত চুড়ান্ত কৰিব কংগ্ৰেছে (opposition to declare candidate for rajya sabha election ) । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ।

AIUDF delegation to Delhi
শীঘ্ৰেই বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী ঘোষণা
author img

By

Published : Mar 13, 2022, 5:19 PM IST

গুৱাহাটী, ১৩ মাৰ্চ: ৰাজ্যসভাত খালী হবলগীয়া দুখন আসনৰ ভিতৰত এখনৰ বাবে শীঘ্ৰে বিৰোধীয়ে এজন সৰ্বসন্মত প্ৰাৰ্থী ঘোষণা কৰিব(Opposition to declare candidate for rajya sabha election) । অৱশ্যে নিশ্চিতভাবে আটাইকেইটা বিৰোধী দলৰ সৈতে আলোচনা কৰাৰ পিছতহে প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থীগৰাকী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । শণিবাৰে দিল্লীত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰিছে ।

স্মৰ্তব্য যে ৰাজ্যসভাৰ আসনখন AIUDFক এৰি দিব লাগে বুলি আৰ্জি লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিবলৈ শনিবাৰেই বদৰুদ্দিন আজমলৰ সৈতে দিল্লীলৈ উৰা মাৰিছিল AIUDFৰ এটা প্ৰতিনিধি দল(AIUDF delegation to Delhi) । দিল্লীলৈ যোৱা এই দলটোৰ আন দুগৰাকী বিধায়ক ক্ৰমে কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে (কনিষ্ঠ) শনিবাৰে নিশা দিল্লীত জিতেন্দ্ৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হৈ আসনখন AIUDFক এৰি দিয়াৰ বাবে অনুৰোধ জনায় ।

দেওবাৰেও এই দুই বিধায়কে কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । আনহাতে, দিল্লীৰ পৰা বিধায়ক আমিনুল ইছলামে জনোৱা মতে বিৰোধী কোনো কাৰণতে যাতে বিভক্ত নহয় আৰু তাৰ সুযোগ যাতে বিজেপিয়ে লব নোৱাৰে তাৰ প্ৰতি সজাগ থাকিবলৈ শণিবাৰৰ আলোচনাত জিতেন্দ্ৰ সিঙে আহ্বান জনোৱাৰ বিষয়েও প্ৰকাশ কৰে ।

ইপিনে AIUDFৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যসভাৰ আসনখনত বদৰুদ্দিন আজমলে তেওঁৰ ভাতৃ তথা প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক ছিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব দিয়াৰ বাবে অশেষ যত্নপৰ হৈ পৰিছে । কিন্তু কংগ্ৰেছে এনে প্ৰস্তাৱ মানি লব খোজা নাই ।

সমান্তৰালভাৱে বিৰোধী পক্ষত থকা ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়েও প্ৰাৰ্থীজন যদি ছিৰাজুদ্দিন আজমল হয় তেন্তে সমৰ্থন জনাব নে নাই সেয়াও সন্দেহৰ বিষয় । মুঠতে ৰাজ্যসভাৰ আসনখনক লৈ বিৰোধীয়ে ইটোৰ পিছত সিটোকৈ অংক কৰিছে যদিও এইপৰ্যন্ত কিন্তু এটাও অংক মিলাব পৰা নাই ।

লগতে পঢ়ক: Eviction Drive at Animal Corridor : কি ক’লে বনমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.