ETV Bharat / state

বান সাহাৰ্য: অজিত কুমাৰ ভূঞাসহ বিৰোধীক প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ

author img

By

Published : Jun 30, 2022, 5:53 PM IST

বানত বিধ্বস্ত বজালী জিলালৈ ২ কোটি টকা, কাছাৰ জিলালৈ ৫ কোটি টকা, বিজনী মহকুমালৈ ৩০ লাখ টকা, দক্ষিণ শালমৰালৈ ১ কোটি টকা, বাক্সা জিলালৈ ২ কোটি টকা, ওদালগুৰি জিলালৈ ২ কোটি টকা আৰু কৰিমগঞ্জ জিলালৈ ২ কোটি টকা বুধবাৰে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে (Assam flood relief distribution to Districts) ।

BJP
BJP

গুৱাহাটী, ৩০ জুন : ৰাজ্যৰ বিৰোধী দলসমূহে চূড়ান্ত মিথ্যাচাৰ আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে অপপ্ৰচাৰৰে (Opposition parties are extreme lying and politically motivated propaganda) জনসাধাৰণক বিভ্রান্ত কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । এই অভিযোগ অসম ৰাজ্যিক বিজেপিৰ (Assam State BJP allegation agianst opposition)। বৃহস্পতিবাৰে অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন'ত (Assam State BJP Headquarter Atal Bihari Vajpayee Bhawan) অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ বিৰোধীক উভতি ধৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰত্ৰয় সুভাষ দত্ত, মনোজ বৰুৱা আৰু জানকী খাউণ্ডে (Press meet by Assam State BJP) ।

সংবাদমেলত তেওঁলোকে কয় যে বানবিধ্বস্ত ৰাইজৰ কাষত থিয় দিয়াৰ পৰিৱৰ্তে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা (Rajyasabha MP Ajit Kumar BHuyan), প্রাক্তন সাংসদ ৰিপুণ বৰা (Ripun Bora) আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Assam State Congress President Bhupen Kumar Bora) মনেসজা আৰু ভিত্তিহীন তথ্যৰে অসমৰ ৰাইজক বিভ্রান্ত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে । তেওঁলোকে অভিযোগ কৰাৰ দৰে কেন্দ্ৰীয় চৰকাৰে দুর্যোগ ব্যৱস্থাপনা পুঁজি (Central Disaster Management Fund) ৰাজ্য চৰকাৰলৈ মুকলি নকৰাকৈ থকা নাই । এছ ডি আৰ এফৰ পুঁজিৰ (SDRF) কেন্দ্ৰীয় চৰকাৰে দিবলগীয়া অংশৰ ৯০ শতাংশকৈ নিয়মীয়াকৈ অসমলৈ মুকলি কৰা হৈছে ।

দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ধাৰা ৪৮ (১) (ক) অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত ৪৭৮.৮০ কোটি, ২০১৯-২০ বিত্তীয় বৰ্ষত ৫০৩.১০ কোটি, ২০২০২১ বিত্তীয় বৰ্ষত ৭৭২ কোটি আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ৩০৮.৮০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুকলি কৰি দিছে । তেনেস্থলত ৰাজ্যখনলৈ দুৰ্যোগ সাহায্যৰ পুঁজিৰ এপইচাও কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা নাই বুলি কেৱল মাত্ৰ এন ডি আৰ এফ শিতানৰ উদ্ধৃতি দি যি মিছা তথ্যৰে অসমৰ ৰাইজক বিভ্রান্ত কৰিব বিচাৰিছে সেয়া উদ্দেশ্যপ্রণোদিত আৰু তেওঁলোকৰ হতাশগ্রস্ত মানসিকতাৰ পৰিচয় ।

মুখপাত্রকেইজনে সাংসদ অজিত কুমাৰ ভূঞাক উভতি ধৰি কয়, সাংসদগৰাকীয়ে বৃহস্পতিবাৰে সংবাদমেলত অভিযোগ কৰাৰ দৰে ১০ দিনত বানবিধ্বস্ত ৰাইজক মাত্র ১ কেজি চাউল দিয়া বুলি যি অভিযোগ উত্থাপন কৰিছে, সেয়া তথ্য সহকাৰে প্ৰমাণ কৰক । লগতে শিবিৰৰ নাম, তাত থকা বানবিধ্বস্ত ব্যক্তিৰ নামসহ তেওঁ লাভ কৰা সাহায্য সামগ্ৰীৰ পৰিমাণসহ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে । মুখপাত্রকেইজনে লগতে কয় যে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে (Himanta Biswa Sarma led Assam Government) ইতিমধ্যেই জিলা উপায়ুক্তসকলক দুর্যোগ ব্যৱস্থাপনাৰ বাবে প্রশাসনিক সংস্কাৰৰ যোগেদি যথেষ্টখিনি শিথিলতা আনি পর্যাপ্ত পুঁজি ব্যৱহাৰৰ বাবে ব্যৱস্থাটোক সৰলীকৃত কৰি তাৎক্ষণিকভাৱে দুৰ্যোগত বিপৰ্য্যস্ত ৰাইজক সকাহ দিবলৈ দায়িত্ব অর্পণ কৰিছে (Providing relief to people affected by disaster immediately) ।

সম্প্ৰতি জিলা উপায়ুক্তসকলৰ কাষত দুর্যোগ ব্যৱস্থাপনাৰ বাবে পর্যাপ্ত পুঁজি মজুত আছে । বেছিকৈ বানত বিধ্বস্ত বজালী জিলালৈ ২ কোটি টকা, কাছাৰ জিলালৈ ৫ কোটি টকা, বিজনী মহকুমালৈ ৩০ লাখ টকা, দক্ষিণ শালমৰালৈ ১ কোটি টকা, বাক্সা জিলালৈ ২ কোটি টকা, ওদালগুৰি জিলালৈ ২ কোটি টকা আৰু কৰিমগঞ্জ জিলালৈ ২ কোটি টকা বুধবাৰে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে (Assam flood relief distribution to Districts) । ৰিপুণ বৰা, ভূপেন বৰা আৰু অজিত ভূঞাই অভিযোগ কৰাৰ দৰে সাহাৰ্য শিবিৰবিলাকত সাহায্য কমকৈ যোগান ধৰাৰ অভিযোগ সত্য নহয় ।

২০১৫ চনৰ ৰিলিফ মেনুৱেল মতে (According to 2015 Relief Manual) শিবিৰত থকা প্ৰতিজন ব্যক্তিৰ বাবদ ৬০০ গ্রাম চাউল, শিশুসকলৰ কাৰণে ৪০০ গ্রাম চাউল, ১০০ গ্রাম দাইল, ৩০ গ্রাম নিমখ, ৩০ মিলিলিটাৰ মিঠাতেল, ৬০০ গ্রাম চিৰা, ১২ বছৰ তলৰসকলৰ কাৰণে ৪০০ গ্রাম চিৰা আৰু ১০০ গ্রাম গুড় দিয়াৰ ব্যৱস্থা আছে আৰু জিলা উপায়ুক্তসকলে সেই অনুসৰিয়েই শিবিৰসমূহত সাহায্য যোগান ধৰি আছে । সম্প্রতি বানত ৩৪ খন জিলাৰ ১৪৭ টা ৰাজহচক্ৰৰ ৯,০৯৮ খন গাঁৱৰ ৭৫ লাখ ৪৫ হাজাৰ ৫২ জন লোক ক্ষতিগ্ৰস্ত হৈছে । যাৰ বাবে ৰাজ্য চৰকাৰে ৩,৪৩০ টা সাহায্য শিবিৰ মুকলি কৰাৰ লগতে ৪,৭৭১ টা সাহায্য সামগ্রী বিতৰণ শিবিৰ মুকলি কৰা হৈছে । তেনে ক্ষেত্ৰত শিবিৰতেই হওক বা বানবিধ্বস্ত অন্য ঠাইতেই হওক, ৰাইজৰ মাজত পর্যাপ্ত সাহায্য বিতৰণ নকৰা কথাটো নেতাকেইজনৰ চূড়ান্ত মিথ্যাচাৰ আৰু হতাশগ্রস্ত মানসিকতাৰ কৰুণ প্রতিফলন বুলি মুখপাত্রকেইজনে সংবাদমেলত সদৰী কৰে ।

লগতে পঢ়ক : প্ৰৱল বানত জোনাইত দুজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.