গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : বৰপেটাত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাত বিধি পথালি দিয়া বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ পক্ষত নাই কংগ্ৰেছ বিধায়িনী দল । এই কথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক এক পত্ৰযোগে জনাই দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বুঢ়াসত্ৰীয়াগৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে এনেদৰে, বৰপেটা সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰশাসনে লোৱা প্ৰচেষ্টাত অসম বিধানসভাৰ এজন সদস্যই (Sherman Ali controversial remarks against eviction) বিধি-পথালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে । এই কাৰ্য মুঠেও গ্ৰহণযোগ্য নহয় ।
পত্ৰখনত আৰু উল্লেখ কৰা হয় যে, যদিহে কোনো নাগৰিকে সত্ৰৰ ভূমি বে-আইনীভাবে দখল কৰি আহিছে তেখেতসকলক অন্যস্থানলৈ স্থানান্তৰিত কৰি সেই ভূমি বেদখলমুক্ত কৰাটো চৰকাৰৰ দায়িত্ব আৰু ইয়াক লৈ উত্তেজনাৰ সৃষ্টি নকৰি আলোচনাৰ মাধ্যমেৰে হ'লে ভাল হয় । আনহাতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীয়ে ইতিমধ্যে বিষয়টোক লৈ আৰক্ষীৰ কাষ চপা প্ৰসংগত বিৰোধী দলপতিগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷
তেওঁ পত্ৰখনত কয় যে, সত্ৰৰ ভূমিৰক্ষাৰ বাবে আপুনি আৰক্ষীৰ কাষ চাপিবলগীয়া হোৱাটোত (Burha Satriya Basistha Dev Sarma at Police station) মই অতি দুখ পাইছো । ইতিমধ্যে উচ্ছেদৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ সময়ত বাঘবৰ সমষ্টিৰ বিধায়কে লোৱা শেহতীয়া কাৰ্যপন্থাক মই সমৰ্থন নকৰো আৰু মোৰ দলেও সমৰ্থন নকৰে ৷ এই কথা পত্ৰযোগে আপোনাক অৱগত কৰিলো ।
লগতে পঢ়ক : AITC to hold block level protest:ত্ৰিপুৰাত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব তৃণমূল কংগ্ৰেছে