ETV Bharat / state

ESIC Hospital: গুৱাহাটীত ২০০ খন বিচনাযুক্ত ই এছ আই চি চিকিৎসালয়ৰ আধাৰশিলা

author img

By

Published : Nov 16, 2021, 9:38 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহো এই চিকিৎসালয়ৰ পৰা লাভান্বিত হ'ব: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । অসমৰ প্ৰায় ৩০ খন জিলাত ই এছ আই আঁচনি ৰূপায়ণ কৰা হৈছে ।

opening of construction works of 200 bedded esic hospital
গুৱাহাটীত ২০০ খন বিচনাযুক্ত ই এছ আই চি চিকিৎসালয়ৰ আধাৰশিলা

গুৱাহাটী, ১৬ নৱেম্বৰ: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মঙলবাৰে গুৱাহাটীৰ বেলতলাত ২০০ খন বিচনাযুক্ত ই এছ আই চি মডেল চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে । ফলক উন্মোচন কৰি চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি মন্ত্ৰী তেলীয়ে কয় যে, শ্ৰম আৰু নিয়োগ মন্ত্রালয় বেলতলাত এই ২০০ খন বিচনাযুক্ত ই এছ আই চি চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷ লগতে প্ৰায় ১৪৩ কোটি টকাৰ আনুমানিক ব্যয়ৰো অনুমোদন জনাইছে ।

ভাষণত তেওঁ কয় যে, ই এছ আই চিৰ দ্বাৰা পৰিচালিত বেলতলাস্থিত চিকিৎসালয়খনে আৰম্ভণিতে কেৱল অসমৰ বীমাকৃত ব্যক্তিসকলক চিকিৎসাৰ সুবিধা প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমান ই মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য ক্ৰমে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ লোকসকলকো চিকিৎসা প্ৰদান কৰি আহিছে । তেওঁ লগতে কয় যে, এই চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ আন বহুতো ৰাজ্যৰ লোকেও ইয়াৰ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক : অসমত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ

অসম চৰকাৰে এতিয়া তিনিচুকীয়াত অৱস্থিত ই এছ আই চিকিৎসালয়খন ই এছ আই চিক হস্তান্তৰ কৰাৰ প্ৰস্তাৱত সন্মতি জনোৱাৰ কথা ঘোষণা কৰে ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ লগতে তেলীয়ে কয় যে, শীঘ্ৰেই এই চিকিৎসালয়খনে শ্ৰম বিভাগৰ অধীনত ই এছ আই চিৰ জৰিয়তে লোকসকলক আধুনিক আৰু উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰিব । ইয়াৰ উপৰিও তেওঁ লগতে উল্লেখ কৰে যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এই চৰকাৰে অসমৰ আৰু ৬ খন জিলা কোকৰাঝাৰ, বাক্সা, হোজাই, চৰাইদেউ, ডিমা হাচাও আৰু হাইলাকান্দিত ই এছ আই চি আঁচনি ৰূপায়ণ কৰিছে ।

ই এছ আই চি চিকিৎসালয়ৰ আধাৰশিলা

এতিয়া অসমৰ প্ৰায় ৩০ খন জিলাত ই এছ আই আঁচনি ৰূপায়ণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে । ই-শ্ৰম পৰ্টেলৰ বিষয়ে উল্লেখ কৰি ৰামেশ্বৰ তেলীয়ে কয় যে, এতিয়ালৈকে প্ৰায় ৮ কোটি লোকে এই পৰ্টেলত নিজকে পঞ্জীয়ন কৰিছে । ইফালে ‘ই এছ আই চি ক'ভিড-১৯ সাহাৰ্য আঁচনি’ সন্দৰ্ভত উল্লেখ কৰি তেলীয়ে কয় যে, বীমাকৃত ব্যক্তিৰ ক'ভিড-১৯ ৰ ফলত মৃত্যু হ'লে তেওঁৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে ২০২১ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল ৷

আঁচনিখনৰ অধীনত এতিয়ালৈকে অসমত কেইবা লাখ টকা প্ৰদান কৰা হৈছে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বীমাকৃত ব্যক্তিৰ পৰিয়ালৰ লোকক ক'ভিড-১৯ ৰ সাহাৰ্য আঁচনিৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে । তেওঁ অসংগঠিত খণ্ডৰ হিতাধিকাৰীসকলক ই-শ্ৰম কাৰ্ড বিতৰণৰ শুভাৰম্ভণি কৰে । অনুষ্ঠানত লোকসভাৰ সাংসদ কুইন ওজাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : Man-Elephant Conflict : পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.