নিউজ ডেস্ক, 20 আগষ্ট : অতি শীঘ্ৰে গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যাব কেৱল ইলেকট্ৰিক আৰু চিএনজি বাছ ৷ কেবিনেটে শুকুৰবাৰে কৰা এক ঘোষণা অনুসৰি, আগন্তুক ছমাহ নাইবা এবছৰৰ ভিতৰত গুৱাহাটীত কেৱল ইলেকট্ৰিক আৰু চিএনজি বাছৰ চলাচল হ'ব ৷ বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে চৰকাৰৰ 100 দিনৰ কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰা অনুসৰি, প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহক এই ব্যৱস্থাত সামৰি লোৱা হ'ব ৷ পৰৱৰ্তী সময়ত বাকী বাছসমূহকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হ'ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এএছটিচি(Assam State Transport Corporation)এ কোনো পেট্ৰ’ল নাইবা ডিজেল ইঞ্জিনৰ বাছ নচলাই ৷
লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ইয়াৰ বাবে ৰাজ্য চৰকাৰে 200খন ইলেকট্ৰিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰিব ৷ এএছটিচি চিটি বাছসমূহে ডিজেল চালিত চিটি বাছ চলোৱা বন্ধ কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে এবছৰ সম্পূৰ্ণ কৰাৰ দিনলৈ গুৱাহাটীত ডিজেল চালিত বাছৰ সলনি বৈদ্যুতিক আৰু চিএনজি বাছ স্থাপন কৰাৰ লক্ষ্য লৈছে ৷
লগতে পঢ়ক : ১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ
কেবিনেটৰ সিদ্ধান্ত অনুসৰি 'অৰুনোদয়' আঁচনিৰ ধন প্ৰতিমাহে ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে ৷ সেইদৰে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ থকাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবে কেবিনেটে পেকেজ ঘোষণা কৰিছে ৷ সেই অনুসৰি, বাছ চালক আৰু হেণ্ডিমেনসকলক ৰাজ্য চৰকাৰে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ৷ ইয়াৰ দ্বাৰা প্ৰায় ৬০ হাজাৰ লোক উপকৃত হ'ব ৷
এই সাহায্য প্ৰদানৰ বাবে পৰিবহন বিভাগে এটা পৰ্টেল মুকলি কৰিব ৷ বৰ্তমান সমগ্ৰ অসমত তিনিটা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল আছে য'ত 1100 তকৈও অধিক বাছ এপৰ জড়িয়তে চলি আছে আৰু 1200 তকৈও অধিক ব্যক্তিগত মালিকানাধীন বাছ আন এটা এপৰ জড়িয়তে এএছটিচিৰ বেনাৰত চলি আছে ৷
লগতে পঢ়ক : ডিটেনচন চেণ্টাৰ হ'লগৈ ট্ৰেনজিত কেম্প