ETV Bharat / state

Youth drowned while taking bath: গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

author img

By

Published : Jul 17, 2022, 7:00 PM IST

দেওবাৰে দুপৰীয়া গুৱাহাটীৰ উজান বজাৰ ঘাটত বন্ধুৰ সৈতে গা ধুবলৈ গৈ উটি গ'ল এজন যুৱক (One youth drowned while taking bath in Brahmaputra River) ৷ উটি যোৱা যুৱকজন মহানগৰীৰ শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে ।

one-youth-drowned-while-taking-bath-in-brahmaputra-river
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

গুৱাহাটী, ১৭ জুলাই: গুৱাহাটীত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Guwahati) ৷ গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱক ৷ দেওবাৰে দুপৰীয়া উজান বজাৰ ঘাটত বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল যুৱকজন (One youth drowned while taking bath in Brahmaputra River) ৷ উটি যোৱা যুৱকজন মহানগৰীৰ শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে SDRF আৰু NDRF বাহিনীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত SDRF আৰু NDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহুৰ্তলৈ কোনো সন্ধান পোৱা নাই যুৱকজনৰ (One youth meet watery grave while bathing in Brahmaputra River) ৷

জানিব পৰা মতে, উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ মৃত ধীৰাজ ডেকা পাঁচজন যুৱক লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল ৷ ইফালে, SDRF আৰু NDRF বাহিনীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত পলম কৈ উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । সম্প্ৰতি এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক: Sexual assault case : গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.