নিউজ ডেস্ক, ১০ মে': এটা বছৰ সম্পূৰ্ণ কৰিলে ডঃ হিমন্তবিশ্ব শৰ্মা চৰকাৰে (One year of Himanta Biswa Sarma Government) । বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে ডঃ শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপুৰ্তিৰ অনুষ্ঠান । চৰকাৰখনৰ বিগত এটা বছৰৰ খতিয়ান যদি তৈয়াৰ কৰা হয় তেন্তে কেইটামান বিশেষ ক্ষেত্ৰত চৰকাৰখনে কৰা কেতবোৰ ইতিবাচক কাম কাজক নিশ্চয় স্বীকাৰ কৰিব লাগিব (Success stories of one year Assam government)।
ইয়াৰে অন্যতম কেইটামান হৈছে যোৱা এটা বছৰে চৰকাৰখনে ৰাজ্যজুৰি চলোৱা ড্ৰাগছ বিৰোধী অভিযান, ক'ভিডকালিন পৰিস্থিতিত অতি দক্ষতাৰে ইয়াক মোকাবিলা কৰা, গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰা, বসুন্ধৰা আঁচনিৰ জড়িয়তে ভূমি সম্পৰ্কীয় সকলো কামকাজ সৰলীকৃত কৰা, চুবুৰীয়া ৰাজ্যৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ চেষ্টা কৰা আদি ।
বিগত এটা বছৰে এইখন চৰকাৰৰ কাৰ্যকালত ২,৮৩৪ টা ড্ৰাগছ সম্পৰ্কীয় গোচৰ আৰক্ষীয়ে ৰুজু কৰিছে । ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ৪,৮৩৪ টা । এবছৰীয়া এই চৰকাৰৰ কাৰ্যকালত ৫৪৮.৫৩ কোটি টকা মূল্যৰ বিভিন্ন ড্ৰাগছ জব্দ কৰা হৈছে । আনহাতে, মাইক্ৰ'ফাইনাঞ্চ কোম্পানীৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱৰা প্ৰায় ৮.৭২ লাখ মহিলাক ঋণমুক্ত কৰিবলৈ ডঃ শৰ্মা চৰকাৰে লোৱা পদক্ষেপ অৱশ্যেই শলাগ লবলগীয়া ।
আন এক ক্ষেত্ৰতো প্ৰথম বছৰটোতে চৰকাৰখন বহুখিনি সফল হৈছে বুলি কব পাৰি । সেয়া হ'ল- মিছন বসুন্ধৰা । সমগ্ৰ অসমতে ভূমি জৰীপ, ক্ৰয়-বিক্ৰয় বা বিভিন্ন ভূমি সম্পৰ্কীয় চৰকাৰী নথি পত্ৰ উলিওৱাৰ ক্ষেত্ৰত বিগত কেইবা দশকজুৰি ফাইলৰ মেৰপেচৰ বাবে যি জটিল আৰু দীঘলীয়া ব্যৱস্থা চলি আহিছিল সেয়া সৰলীকৃত কৰা হ'ল মিছন বসুন্ধৰা নামৰ আঁচনিখনৰ জড়িয়তে ।
আনহাতে কেইবা দশকজুৰি চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে চলি অহা সীমা সমস্যা নিৰাময়ৰ বাবেও এইখন চৰকাৰে যোৱা বছৰটোত যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে সেয়া আন এক উল্লেখযোগ্য দিশ । ইতিমধ্যে মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে থকা অসমৰ সীমা সমস্যা সমাধানৰ বিষয়টোৱে এক ইতিবাচক দিশেৰে গতি কৰিছে । আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে নুমলীগড় শোধনাগাৰত থকা ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰা । চৰকাৰৰ এই সিদ্ধান্তই আগন্তুক সময়ত অসমৰ অৰ্থনীতিত নিশ্চিতভাবে এক সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিব পাৰি ।
আনহাতে, এটা বছৰ পূৰ্ণ কৰা ডঃ শৰ্মা চৰকাৰৰ কাৰ্যকালত বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰখনে প্ৰায় ১৫,২৭১ কোটি টকা ঋণ লবলগীয়া হৈছে । নিঃসন্দেহে অসমৰ সমাজ জীৱনত ইয়াৰ এক নেতিবাচক প্ৰভাৱ পৰিব (Failures of one year Assam government) । কিয়নো, ইতিমধ্যে ২০১৬ চন পৰ্যন্ত অসম চৰকাৰে লোৱা সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা । আজিৰ তাৰিখত ৰাজ্য চৰকাৰখনৰ মূৰৰ ওপৰত থকা এই ঋণৰ বোজা হ'লগৈ ১,০৮,৩৪৭ কোটি টকা (State government borrowing loan) ।
এখন চৰকাৰে ঋণ লোৱাত কোনো বাধা নাই বুলি মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মন্তব্য কৰি আহিলেও এই বিশাল পৰিমাণৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত অনাগত সময়ত যে এক জটিল পৰিস্থিতিৰ সৃষ্টি হব পাৰে সেই আশংকাও নুই কৰিব নোৱাৰি । আনহাতে, এই চৰকাৰ শাসনত বহিয়েই বিভিন্ন অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিছিল "এনকাউন্টাৰ"ৰ এক বিশেষ অভিযান । যি এতিয়াও অব্যাহত আছে (Fake encounter) ।
এই পৰ্যন্ত এনে এনকাউন্টাৰত ২৪ জনৰো অধিক অপৰাধীৰ মৃত্যু ঘটিছে । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল অসম আৰক্ষীয়ে একপক্ষীয়ভাবে চলাই যোৱা এইধৰণৰ এনকাউন্টাৰক ভূৱা বুলি অভিযোগ তুলি ইতিমধ্যে বিভিন্ন পক্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু শেহতীয়াকৈ এনেধৰণৰ ভূৱা এনকাউন্টাৰৰ প্ৰসংগত হস্তক্ষেপ কৰিবলগীয়া হৈছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগেও । নিঃসন্দেহে এবছৰীয়া চৰকাৰখনৰ বাবে ই হব পাৰে আন এক নেতিবাচক অধ্যায় ।
লগতে পঢ়ক: গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান